অসমবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা ৰাজ্যিক বিজেপিৰ
মেজিৰ জুইত অশুভ শক্তিক দাহ কৰি উন্নয়নৰ পক্ষত ঠিয় দিবলৈ আহ্বান দিলীপ শইকীয়াৰ গুৱাহাটী, ১৩ জানুৱাৰী (হি.স.)। অসমীয়াৰ বাপতি সাহোন, জাতিৰ প্ৰাণ স্পন্দন ভোগ আৰু মিলা প্ৰীতিৰ এনাজৰীৰ প্ৰতীক ভোগালী বিহুৰ প্ৰাক্‌ক্ষণত ৰাজ্যিক বিজেপিয়ে সমূহ অসমবাসী ৰাইজ
ভোগালী বিহু উদযাপনৰ ফাইল ফোটো


মেজিৰ জুইত অশুভ শক্তিক দাহ কৰি উন্নয়নৰ পক্ষত ঠিয় দিবলৈ আহ্বান দিলীপ শইকীয়াৰ

গুৱাহাটী, ১৩ জানুৱাৰী (হি.স.)। অসমীয়াৰ বাপতি সাহোন, জাতিৰ প্ৰাণ স্পন্দন ভোগ আৰু মিলা প্ৰীতিৰ এনাজৰীৰ প্ৰতীক ভোগালী বিহুৰ প্ৰাক্‌ক্ষণত ৰাজ্যিক বিজেপিয়ে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক শুভকামনা যাচিছে৷ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা প্ৰেৰণ কৰা প্ৰেছ বিবৃতি যোগে দলৰ মুখপাত্ৰ কল্যাণ গগৈয়ে কয় যে, অসমীয়া জাতিয়ে কাল অমানিশা গড়কি উন্নয়নৰ ন-দিগন্তৰে বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে৷

অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সকলো জাতি-জনগোষ্ঠী মিলি বৰ অসম গঢ়াৰ পন লৈ আগবঢ়িছে৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ জৰীপ অনুসৰি ৪৫ শতাংশ বৃদ্ধিৰ হাৰেৰে দেশৰ ভিতৰত প্ৰথম হ’বলৈ সক্ষম হৈছে৷ তদুপৰি অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি ৫৪ শতাংশ বৃদ্ধিৰে গড় জনমুৰি আয় দৈনিক ২০২১ চনত ২৮৭ টকাৰ পৰা ২০২৫ চনত ৪৪২ টকালৈ বৃদ্ধি পাইছে৷ ঘৰুৱা ৰাজহৰ ক্ষেত্ৰতো অসমে ৫৩ শতাংশ বৃদ্ধিৰে ২০২১ বৰ্ষৰ তুলনাত ২০২৫ বৰ্ষত ৩৫,৪০৪ কোটি টকালৈ বৃদ্ধি হৈছে৷ বিগত ৫ বছৰত ৰাজ্যৰ ৪ লাখ ৫০ হাজাৰতকৈও অধিক পৰিয়াল দৰিদ্ৰ সীমাৰেখাৰ পৰা মুক্ত হৈ উন্নত জীৱন ধাৰণ কৰিবলৈ সক্ষম হৈছে৷ ভোগালী বিহুৰ আনন্দৰ সমান্তৰালভাৱে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা বৰাকলৈ, কাৰ্বি পাহাৰৰ পৰা বড়োভূমিলৈ অসমৰ সকলো স্তৰৰ খিলঞ্জীয়া জনতা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা অসমৰ উন্নয়ন যজ্ঞৰ অংশীদাৰ হৈছে৷

‘অষ্টলক্ষ্মী’ৰ অংগৰাজ্য বুলি অভিহিত কৰা ‘অসমহিতৈষী’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১৭ আৰু ১৮ জানুৱাৰী তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে অসমৰ পবিত্ৰ ভূমিত পদাৰ্পন কৰিব৷ ১৭ জানুৱাৰীত সৰুসজাইস্থিত অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত ১০ হাজাৰ বড়ো কলা-কুশলীয়ে পৰিৱেশন কৰা বড়ো লোকনৃত্য বাগৰুম্বাৰ নৃত্য প্ৰদৰ্শনী ‘বাগৰুম্বাৰ দহৌ’ৰ শীৰ্ষক কাৰ্যসূচীত উপস্থিত থাকিব৷ ইয়াৰ পূৰ্বে অসমৰ বিহু নৃত্য আৰু ঝুমুৰ নৃত্যক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ পদক্ষেপ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালভাৱে বাগৰুম্বা নৃত্যক বিশ্ব অভিলেখৰ জৰিয়তে বিশ্বৰ সাংস্কৃতি মানচিত্ৰত বড়ো জনজাতিক প্ৰতিষ্ঠা কৰাৰ বিনম্ৰ প্ৰয়াসক ৰাজ্যিক বিজেপিয়ে আদৰণি জনায় বুলি মুখপাত্ৰ গৰাকীয়ে উল্লেখ কৰে৷ ইয়াৰোপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ১৭ জানুৱাৰী তাৰিখে কামাখ্যা ৰেল ষ্টেচনৰ পৰা ‘বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন’ৰ শুভ উদ্বোধন কৰাৰ লগতে ১৮ জানুৱাৰী তাৰিখে কলিয়াবৰত বিশাল জনসভা সম্বোধন কৰি ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেদ কৰিড’ৰো শুভ উদ্বোধন কৰি অসমবাসী ৰাইজলৈ বিহুৰ উপহাৰ যাচিব বুলি ৰাজ্যিক বিজেপিয়ে সদৰি কৰে৷

ৰাজ্যিক বিজেপিৰ সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ভোগালী বিহুৰ প্ৰাক্‌ক্ষণত অসমবাসী ৰাইজলৈ মকৰ সংক্ৰান্তি আৰু উৰুকাৰ আন্তৰিক ওলগ আৰু প্ৰীতি সম্ভাষণ জ্ঞাপন কৰে৷ মেজিৰ জুই প্ৰজ্বলিত কৰি অসম বিৰোধী অশুভ শক্তিক দাহ কৰি অসমৰ উন্নয়নৰ যাত্ৰাত অংশীদাৰ হ’বলৈ সভাপতিগৰাকীয়ে অসমবাসী ৰাইজক আহ্বান জনায়৷ লগতে শ্ৰীশইকীয়াই অসমৰ সাতামপুৰুষীয়া পৰম্পৰা অটুট ৰাখি প্ৰতিগৰাকী অসমীয়াই লগে ভাগে এসাজ খোৱাৰ লগতে ভোগালী বিহুটি সুখে সন্তোষে উদযাপন কৰিবলৈ আহ্বান জনায়৷

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande