
তিনিচুকিয়া, ১৩জানুৱাৰী (হি.স.)। ভোগালী প্ৰস্তুতিক লৈ উখল মাখল হৈ থকাৰ সময়তে ডিগবৈ এক নং টকৌৱনীত এজাক বনৰীয়া হাতীয়ে ভাঙিলে ছয় টাকৈ ঘৰ। কাষৰ বনাঞ্চলৰ পৰা হাতীৰ জাকটোয়ে ওলাই আহি যোৱা নিশা পুনৰ অঞ্চলটোত উপদ্ৰৱ চলোৱাৰ লগতে বিনোদ সিং, অনিল তাঁতী,ঘনশ্যাম তেলী, পৰশুৰাম সিং, সত্যম তাঁতী,বিশু শৰ্মাৰ ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ।
হাতীয়ে ঘৰ ভাঙি থাকোতে পৰিয়ালৰ লোক ঘৰটোৰ ভিতৰতে আছিল যদিও কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু