
গোলাঘাট, ১৩ জানুৱাৰী (হি.স.)। আজি অসমীয়াৰ হেপাহৰ ভোগালী বিহুৰ উৰুকা ৷ সংগীতৰ ৰাজকুমাৰ জুবিন বিহীন প্ৰথমটো ভোগালীক আদৰিবলে সাজু হৈছে অসমবাসী ৷ ব্যতিক্ৰম নহয় বোকাখাত নুমলীগড় শোধনাগাৰ নগৰাঞ্চলবাসী ৷ নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ আবাসী সকলে পূৰ্বৰ দৰে এইবাৰো কাৰেংঘৰৰ আৰ্হিৰ ভেলাঘৰ সাজি ভাগালীক আদৰাৰ প্ৰস্তুতি কৰিছে ৷
মেজিৰ সমান্তৰালকৈ হিয়াৰ আমঠু, সংগীতৰ ৰাজকুমাৰ জুবিন গাৰ্গৰ মাইক্ৰ'ফোন লৈ থকা মুখাবয়ব নিয়ন লাইটত জৰিয়তে ফুটাই তুলিবলৈ চেষ্টা কৰাৰ লগতে জুবিনে ভাল পোৱা গিটাৰ নৰাৰে বনাই তোলাৰো প্ৰয়াস কৰে ৷ তাৰ সমান্তৰালকৈ উৰুকাৰ নিশা ভেলাঘৰত লগে ভাগে এসাজ খাবৰ বাবে হাঁহ, কোমোৰা, মাছ, দিম আদিৰো সুন্দৰ ব্যৱস্থা কৰে ৷ জুবিন গাৰ্গ বিহীন প্ৰথমটো ভোগালীক আদৰিবৰ বাবে এতিয়া সাজু হৈছে সকলো ৷ কায়িক ভাৱে অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকী নাথাকিলেও বিহুৰ সময়ত সকলোৱে বজোৱা সংগীতত যে আছে তেওঁৰেই কন্ঠ। এসময়ত নতুন প্ৰজন্মই বিহু গীত শুনিবলৈ ইচ্ছা নকৰাৰ সময়তে জুবিন গাৰ্গেই প্ৰাণ দি গাইছিল এটাৰ পিছত এটাকৈ হাজাৰ হাজাৰ বিহুগীত, বিহুসুৰীয়া গীত। তেতিয়াৰপৰা কি বহাগ বিহু, কি মাঘ বিহু, কি পূজা অসমৰ সমাজ জীৱনৰ প্ৰত্যেকটো উতসৱ পাৰ্বনতে কেৱল আৰু কেৱল বিগত তিনি দশক ধৰি বজি আহিিছে প্ৰাণৰ শিল্পীগৰাকীৰ এটাৰ পিছত সিটো গীত। সেয়েহে কোনেও মানিবলৈ ইচ্ছা নকৰে যে জুবিন গাৰ্গ আমাৰ মাজত নায়। জুবিন গাৰ্গ আমাৰ মাজত আছে আমাৰ অন্তৰত আছে আমাৰ হাড়ে হিমজুৱে আছে , আমাৰ প্ৰাণত আছে। সেয়া সদায় থাকিব। যেতিয়ালৈ অসমীয়া জাতি থাকিব, যেতিয়ালৈ লুইতৰ পানী বৈ থাকিব। সকলোৱে সেয়েহে প্ৰাণৰ শিল্পীগৰাকীৰ এটাৰ পিছত এটা বিহু গীত বজায় এতিয়া উদযাপন কৰিবলৈ ওলাইছে উৰুকা তথা মাঘ বিহুটি।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু