বৰপেটাৰোডত ভোগালীৰ উছাহ, মাছৰ বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ
বৰপেটা, ১৩ জানুৱাৰী (হি.স.)। বৰপেটাৰোড ভোগালী উৎসাহ মাছৰ বজাৰত ৰাতিপূৱাৰে পৰা গ্ৰাহকৰ ভিৰ ভোগৰ উৎসৱ হেঁপাহৰ ভোগালীক লৈ ৰাজ্যজুৰি ব্যাপক উচাহ।আনন্দ-উল্লাসৰ মাজেৰে সমগ্ৰ ৰাজ্যতে যোৱা অসমীয়া ৰাইজে উদযাপন কৰিব ভোগালীৰ উৰুকা। মেজি, ভেলাঘৰ নিৰ্মাণ
বৰপেটাৰোডত ভোগালীৰ উছাহ, মাছৰ বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ


বৰপেটা, ১৩ জানুৱাৰী (হি.স.)। বৰপেটাৰোড ভোগালী উৎসাহ মাছৰ বজাৰত ৰাতিপূৱাৰে পৰা গ্ৰাহকৰ ভিৰ

ভোগৰ উৎসৱ হেঁপাহৰ ভোগালীক লৈ ৰাজ্যজুৰি ব্যাপক উচাহ।আনন্দ-উল্লাসৰ মাজেৰে সমগ্ৰ ৰাজ্যতে যোৱা অসমীয়া ৰাইজে উদযাপন কৰিব ভোগালীৰ উৰুকা।

মেজি, ভেলাঘৰ নিৰ্মাণ কৰি গাঁৱৰ ৰাইজ ঢেঁকীৰ শালত বহি পিঠা-পনা প্ৰস্তুতত ব্যস্ত জীয়াৰী-বোৱাৰী। আজি উৰুকা ,আৰু উৰুকাৰ দিনটোতে সকলোৱে লগে ভাগে হাঁহে মাহে মাছে মাংসৰে এসাজ খোৱাৰ কথা। ভোগালী বিহুৰ উৰুকা বুলি বৰপেটাৰোড মাছৰ বজাৰত পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ।

কোনোবাই যদি বেকী নদীৰ বৰালী কিনিছে কোনোবাই চিতল, আৰি, শৌল, মুঠৰওপৰত পৰিয়ালৰ সকলোৱে আনন্দৰে একেলগ খোৱাৰ বাবেই এইদৰে দেখা গৈছে বৰপেটাৰোড বজাৰত। নিশা সকলোৱে লগে ভাগে হাঁহে মাহে এসাজ খাই বিহু নৃত্য কৰি উদযাপন কৰিব ভোগৰ উৎসৱ ভোগালী বিহুৰ উৰুকা।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande