শোণিতপুৰ, ০৪ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ ৰঙাপৰাৰ মোলানগাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ চলিব ধৰিছে। বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই মোলানগাঁৱৰ দুটাকৈ পৰিয়ালৰ বাসগৃহ ভাঙি বিস্তৰ ক্ষতি সাধন কৰে।
বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহি জনাঞ্চত প্ৰবেশ কৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে মোলানগাঁৱৰ চম্পা কন্ধ আৰু অনামি কন্ধ নামৰ লোক দুজনৰ বাসগৃহ দুটি ভাঙি পেলায়। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা চম্পা কন্ধৰ পৰিয়ালটো শুই থকাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে। পাছত নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে। ৰঙাপৰাৰ মোলানগাঁৱত দীৰ্ঘদিনৰে পৰা চলি থকা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ স্থানীয় ৰাইজে আমাৰিবাৰীৰ বন বিভাগক দাবী জনাইছে।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু