শোণিতপুৰ, ০৬ ছেপ্টেম্বৰ (হি.স.)।
অৰুণাচল প্ৰদেশৰ চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত যোৱাকালি শুকুৰবাৰে পাৰ্বতী নগৰ স্থিত চৰকাৰী প্ৰেক্ষাগৃহত পদ্মশ্ৰী ইন্দিৰা মিৰিৰ ২১ সংখ্যক মৃত্যুবাৰ্ষিকী উপলক্ষে এখন গাম্ভীৰ্যপূৰ্ণ সভা আৰু স্মৃতি তৰ্পণ অনুষ্ঠান সম্পন্ন হয়। সভা খন আৰম্ভ হোৱাৰ আগতে সেই বিদূষী তথা প্ৰসিদ্ধ শিক্ষাবিদ গৰাকীৰ স্মৃতি তৰ্পণ কৰা হয়। ইয়াৰ পিছতেই অনুষ্ঠিত সভা খনৰ আঁত ধৰে সন্থাৰ সম্পাদক দীপক মুখীয়াই।
মুখীয়াৰ অনুৰোধত সন্থাৰ স্থায়ী সভাপতি চিত্ত দেৱ শৰ্মাই সভাপতিৰ আসন অলংকৃত কৰে। ইয়াৰ পিছত সন্থাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য বিপুল বৰঠাকুৰে পদ্মশ্ৰী স্বৰ্গীয়া ইন্দিৰা মিৰিৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। লগতে বৰঠাকুৰে ইন্দিৰা মিৰিয়ে জীৱিত কালত অৰুণাচল প্ৰদেশৰ কাৰণে যিখিনি ত্যাগ কৰিছিল সেই হিচাপে অৰুণাচল চৰকাৰৰ ফালৰপৰা তেখেতক যথোপযুক্ত সন্মান দিব পৰা নাই যেন অনুভৱ কৰে। সেয়ে বৰঠাকুৰে অৰুণাচল প্ৰদেশৰ চৰকাৰ আৰু অৰুণাচলৰ লগতে অসমৰ দল সংগঠন সমূহৰ উপৰিও অসম চৰকাৰে সেই মহান শিক্ষাবিদ গৰাকীৰ স্মৃতি জীয়াই ৰখাৰ বাবে পদক্ষেপ ল'বলৈ আহ্বান জনায় ।
এই সন্দৰ্ভত ড০ হৰেন্দ্ৰ নাথ বৰা দেৱে
ইন্দিৰা মিৰিৰ ওপৰত এটা সুন্দৰ বক্তৃতা আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ