গুৱাহাটী, ০৭ ছেপ্তেম্বৰ(হি.স.)। গুৱাহাটী মহানগৰীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ হৈছে দুটা মৃতদেহ। টুছঞ্জ নামৰ গেষ্ট হাউছটোৰ ৬নং কোঠাত যুৱক আৰু এজন কিশোৰৰ মৃতদেহ উদ্ধাৰ হৈছে। গেষ্ট হাউছটোৰ একেটা কোঠাতে উদ্ধাৰ দুয়োটা মৃতদেহ।মৃত যুৱক জনৰ পোচাকৰ জেপত থকা পৰিচয় পত্ৰৰ পৰা তেওক বৰপেটাৰ মকিবুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।
কিশোৰ গৰাকী সন্ধানহীন হোৱা গোচৰ ৰুজু হৈছিল থানাত। শনিবাৰে পুৱাৰ ভাগৰ পৰা সন্ধানহীন হৈছিল কিশোৰ গৰাকী। চান্দমাৰিৰ গণেশ নগৰত ঘৰ ১৫ বছৰীয়া মৃত কিশোৰ গৰাকীৰ। ঘৰৰ ওচৰৰে পাজৰে বিচাৰি নাপাই আৰক্ষীয়ে ট্ৰেক কৰিলে মকিবুৰ ৰহমানে লৈ অহা থাৰ গাড়ী খনৰ লোকেশ্যন। লোকেশ্যনত ধৰা পৰিল বৰবাৰীত দুয়োৰে স্থিতি।
নিশা ডেৰ বজাত টোচঞ্জ গেষ্ট হাউচত চানমাৰি আৰক্ষীৰ এটা অভিযানকাৰী দল। গেষ্ট হাউছৰ ৬নং কোঠাত আৰক্ষীয়ে জুমি চালে খিৰিকিৰে। জুমি চাই দেখিলে আৰক্ষী, কোঠাটোৰ ভিতৰত দুটাকৈ মৃতদেহ। ফেনত চিপ লোৱা অৱস্থাত এটা আৰু তেজেৰে তুমুৰলি হৈ মজিয়াত পৰি থকা অন্য এটা মৃতদেহ। পৰি থকা মৃতদেহটোৰ বুকুত কেইবা স্থানত চোকা অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট। কোঠাটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিলে মৃগনাভ নামৰ কিশোৰ গৰাকীৰ বুকুত আঘাত কৰা চোকা অস্ত্ৰ, মদৰ খালী বটল, চিগাৰেট আৰু দুটাকৈ বিষৰ বটল।
কিশোৰ জনৰ আত্মীয়ই জানিব দিয়া অনুসৰি বেছি দিনৰ চিনাকি নাছিল কিশোৰ জন আৰু মকিবুৰ ৰহমান। কিশোৰ জনে বাস কৰা অঞ্চলটোত ভাড়াতীয়া হিচাপে আছিল মকিবুৰ ৰহমান নামৰ লোকজন। পেছাত গুৱাহাটীত উবেৰ চলাইছিল। মাজে সময়ে মকিবুৰ ৰহমানে ফুৰাব লৈ হৈছিল কিশোৰ জনক। মৃতদেহ দুটাৰ লগতে টোচঞ্জ গেষ্ট হাউচত কোঠাটোৰ ভিতৰত লাভ কৰিছে এখন বিশেষ বহী। বহীখনত আছে চাৰি পৃষ্ঠা জোৰা বিশেষ চিঠি। চাৰি পৃষ্ঠাজোৰা ‘‘আমাক ক্ষমা কৰি দিব...’’ শীৰ্ষক এখন চিঠি। আৰক্ষীয়ে জব্দ কৰিছে বিশেষ চিঠি থকা বহীখন।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ