শোণিতপুৰ, ০৬ ছেপ্টেম্বৰ (হি.স.)। উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস (এছএনআইডি), অক্টোবৰ ২০২৫ৰ সন্দৰ্ভত আজি জিলা টাস্ক ফ’ৰ্চৰ বৈঠকখন জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) টৱাহিৰ আলমে আতধৰা সভাত স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ জগদীশ গোস্বামী, জিলা প্ৰতিষেধক বিষয়া ডাঃ টুটুমনি সন্দিকৈ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্ৰগ্ৰেম মেনেজাৰ শ্ৰীযুত বিনয় দাস, জিলা সমাজ কল্যাণ বিষয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ লগতে স্বাস্থ্য বিভাগ, শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগ আদিৰ উপৰি সংশ্লিষ্ট বিভাগৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।
এছএমঅ’-ডব্লিউএইচঅ’ৰ ডাঃ অতুল নাগিমে আগন্তুক এছএনআইডি পালচ প'লিঅ' প্ৰতিষেধক প্ৰদান অভিযানৰ উদ্দেশ্যৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰি ৰোডমেপ, জিলাখনৰ লক্ষ্য সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে৷ এই অভিযানত জিলাখনৰ ০ৰ পৰা ৫ বছৰ বয়সৰ প্ৰায় এক লাখ পঞ্চাশ হাজাৰ শিশুক সাঙুৰি লোৱাৰ লক্ষ্য স্থিৰ কৰা হৈছে । অহা ১২ অক্টোবৰ, ২০২৫ তাৰিখে প্ৰথম দিনা বুথ ভিত্তিক প্ৰতিষেধক কাৰ্যসূচীৰে আৰম্ভ কৰা হ’ব, ইয়াৰ পিছত ১৩ আৰু ১৪ অক্টোবৰত ঘৰে ঘৰে গৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব যাতে কোনো শিশু বাদ পৰি নাযায় । গাওঁ, নদীৰ পাৰৰ চৰ অঞ্চল, ইটা ভাটা, চাহ বাগিচা, আৰু নিৰ্মাণ শিবিৰকে ধৰি অতি বিপদজনক অঞ্চলসমূহৰ সঠিক চিনাক্তকৰণ আৰু সামৰি লোৱাৰ লগতে ৰে’ল ষ্টেচন, বাছ ষ্টেণ্ড, বজাৰ আৰু অন্যান্য ট্ৰেনজিট স্থানৰ ফলপ্ৰসূ পৰিকল্পনাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত প্ৰতিষেধকৰ পৰ্যাপ্ত মাত্ৰাৰ উপলব্ধতা নিশ্চিত কৰা আৰু লজিষ্টিক বজাই ৰখা আৰু প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত দ্বিধাবোধক মোকাবিলা কৰিবলৈ স্থানীয় নেতা, বিদ্যালয়, আৰু সংবাদ মাধ্যম, সামাজিক সংগঠনক জড়িত কৰি সজাগতা অভিযান শক্তিশালী কৰাৰ বিষয়েও আলোচনা কৰা হয়।
ইয়াৰোপৰি চৰকাৰৰ বিদ্যালয় স্বাস্থ্য প্ৰতিষেধক কাৰ্যসূচীৰ ওপৰতো এক অৰিয়েণ্টেচন প্ৰদান কৰা হয়, যাৰ অধীনত বিদ্যালয়ত নামভৰ্তিৰ পূৰ্বে সম্পূৰ্ণ প্ৰতিষেধক প্ৰদান আৰু নামভৰ্তি কৰা শিশুসকলৰ বাবে বাকী থকা টিকাকৰণ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰা হ’ব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে যে পৰিপূৰক পুষ্টি কাৰ্যসূচী আৰু বিদ্যালয় প্ৰৱেশ কৰা সকলো শিশুৱে ইউআইপিৰ অধীনত ৰাষ্ট্ৰীয় প্ৰতিষেধক সূচী অনুসৰি সম্পূৰ্ণৰূপে প্ৰতিষেধক যাতে লাভ কৰে, অংগনবাড়ী কেন্দ্ৰ আৰু অসম্পূৰ্ণ প্ৰতিষেধক গ্ৰহণ কৰা শিশুসকলক বিদ্যালয় ভিত্তিক চিনাক্তকৰণ আৰু অনুসৰণৰ বাবে এক গাঁথনিগত ব্যৱস্থা সৃষ্টি কৰা, বহনক্ষম প্ৰতিষেধক নিৰীক্ষণ আৰু অনুসৰণৰ বাবে বিদ্যালয় আৰু স্বাস্থ্য ব্যৱস্থাৰ মাজত অভিসৰণ কৰা।
বৈঠকত সম্পূৰ্ণ সফলতা লাভ কৰিবলৈ সকলো বিভাগ আৰু অংশীদাৰৰ মাজত আন্তঃখণ্ডীয় সমন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ভাৰতৰ পলিঅ’মুক্ত মৰ্যাদা বজাই ৰখাৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি অনুসৰি এই অভিযানৰ সময়ত শোণিতপুৰৰ পাঁচ বছৰৰ তলৰ সকলো শিশুক যোগাযোগ কৰিব লাগিব বুলি সংকল্প লোৱা হয় ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ