বিজেপিৰ ষড়যন্ত্ৰ গণতন্ত্ৰ আৰু সংবিধান বিশ্বাসী জনগণে উফৰাই পেলাব–তেজপুৰত লুৰিণজ্যোতি গগৈ
–হামিদা আৰু মাদানি ক্লীন বল হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হতাশগ্ৰস্ত – আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক ধবংস কৰাটো বিজেপিৰ চৰিত্ৰ শোণিতপুৰ, ০৬ ছেপ্টেম্বৰ (হি.স.) । নিজৰ হাতৰ পৰা ওলাই যাব খোজা গাদী ৰক্ষাৰ বাবেই জাতীয় সংকটৰ নামত মানুহক বিপথে
তেজপুৰত লুৰিণজ্যোতি গগৈ


তেজপুৰত লুৰিণজ্যোতি গগৈ


তেজপুৰত লুৰিণজ্যোতি গগৈ


–হামিদা আৰু মাদানি ক্লীন বল হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হতাশগ্ৰস্ত

– আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদক ধবংস কৰাটো বিজেপিৰ চৰিত্ৰ

শোণিতপুৰ, ০৬ ছেপ্টেম্বৰ (হি.স.) । নিজৰ হাতৰ পৰা ওলাই যাব খোজা গাদী ৰক্ষাৰ বাবেই জাতীয় সংকটৰ নামত মানুহক বিপথে পৰিচালিত কৰা আৰু সাম্প্ৰদায়িকতাৰ কথাৰে আভুৱাভাৰা বুলি মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি সৰব হৈ পৰে অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। আঞ্চলিক দলটোৰ শোণিতপুৰ জিলা সমিতিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈ কয়– “মইতো মাদানিৰ লগত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ সম্পৰ্ক তথ্যপাতিসহ কৈয়েই দিলোঁ ৷ আনকি ছৈয়দা হামিদাৰ লগত সম্পৰ্কৰ কথাও ৷ যেতিয়া সম্পৰ্কটো ফাদিল হ’ল , এতিয়া হতাশাত যিটি কৈছে ৷ হতাশাত যিটি কয়, যিটি শব্দ ওলাইছে ৷ গতিকে মুখ্যমন্ত্ৰীৰ চাৰিওফালে হতাশা আৰু এই সাম্প্ৰদায়িক খেল ৷ সব ধৰা পৰিছে ৷ হামিদা ক্লীন বল মাদানি ক্লীন বল ৷ তেওঁ জীৱনত কেতিয়াও হাৰিয়েই পোৱা নাই ৷ এইবাৰ প্ৰথম তেওঁৰ এনেকৈ সাম্প্ৰদায়িক ৰাজনীতিটো ধৰা পৰিলে ৷ এতিয়া আজমলৰ মুখখন যিহেতু নচলে, বাহিৰৰ পৰা সাম্প্ৰদায়িক এজেণ্ট ব্যৱহাৰ কৰি আউট ছ’ৰ্চিং কৰি তেওঁলোকক ব্যৱহাৰ কৰিছে অসমত ৷ তেওঁ জাতীয় সংকটৰ কথা উপলব্ধি নকৰে ৷ জাতীয় সংকটৰ কথা উপলব্ধি কৰা হ’লে ‘কা’ৰ বিৰোধিতা কৰিলে হয় ৷ এতিয়া জাতীয় সংকটৰ নামটোহে লৈছে ৷ দৰাচলতে সংকট তেওঁৰ নিজৰ ৷ নিজে নিজৰ গাদি সুৰক্ষিত ৰাখিব নোৱাৰাৰ বাবে এই সংকটৰ কথাবোৰ কৈ কৈ মানুহক বিপথে পৰিচালিত কৰিছে আৰু সাম্প্ৰদায়িকতাৰ কথাটো বাৰে বাৰে মানুহৰ মাজলৈ ঠেলি দিছে ৷” তেজপুৰত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰে আঞ্চলিক দল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ ৷

উল্লেখ্য যে, আজি তেজপুৰস্থ হেমবৰুৱা স্মৃতিভৱনত অনুষ্ঠিত আঞ্চলিকদলটোৰ শোণিতপুৰ জিলা সমিতিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰে দলটোৰ কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ তেওঁ সাংবাদিকৰ এলানি প্ৰশ্নোত্তৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷ বিজেপিৰ বাবে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োৰ ভৱিষ্যত সংকটত নেকি বুলি সোধা প্ৰশ্নোত্তৰত গগৈয়ে কয় যে, হাগ্ৰামা মহিলাৰী এটা সময়ত বিজেপিৰ লগত আছিল ৷ প্ৰমোদ বড়োক তাৰ পাছত বিটিআৰৰ চিইএম বনালে ৷ এতিয়া প্ৰমোদ বড়োৰ সংকট আহিল ৷ গতিকে বিজেপিৰ এইটো চৰিত্ৰই ৷ আঞ্চলিক শক্তি আৰু আঞ্চলিক অধিকাৰসমূহ তেওঁলোকে নাইকীয়া কৰি কেন্দ্ৰীভূত এটা চিন্তা জাপি দিব খোজে ৷ কেন্দ্ৰীভূত যিকোনো চিন্তাৰে যিকোনো পলিচী বনায় ৷ আমি এখন প্ৰান্তীয় ৰাজ্যৰ ৷ আমাৰ আঞ্চলিক চৰিত্ৰ, আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ ইয়াত জীয়াই থাকিবই লাগিব ৷ তেওঁলোকে হেঁচা দি বলপূৰ্ব্বকভাৱে ভয়-ভাবুকি খোৱাই থকা কাম কৰিব ৷ কিন্তু কোনো কাৰণতে ৰাইজে এয়া মানি নলয় ৷ দেশৰ গণতন্ত্ৰক বিশ্বাস কৰা আৰু সংবিধানক বিশ্বাস কৰা মানুহে এনেকুৱা ষড়যন্ত্ৰ উফৰাই পেলাব ৷

আনহাতে বিটিআৰৰ নিৰ্বাচনত কোনদলক সমৰ্থন আগবঢ়াব সন্দৰ্ভত গগৈয়ে কয়- আমি চাই আছোঁ ৷ দুয়োটা দলৰে এতিয়া বিজেপিৰ লগত কথাবতৰা চলি আছে ৷ কিন্তু তেওঁলোকে বুজা দৰকাৰ যে, জাতীয়তাবাদক বিজেপিয়ে এনেকৈয়ে নিঃশেষ কৰাৰ কুটকৌশল ৰচনা কৰিছে ৷ আমাৰ দলে নিজা ধৰণেৰে খেলি আছোঁ ৷ সমৰ্থন কৰা নকৰা বিষয়টো নিৰ্বাচনৰ ফলাফলৰ পিচত চিন্তা কৰা হ’ব। উল্লেখ্য যে প্ৰসংগক্ৰমে গগৈয়ে অসমৰ ভেটি, কৃষ্টি, সংস্কৃতি, ভাষা, অধিকাৰ আৰু ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অসম জাতীয় পৰিষদে অব্যাহত ৰখা সংগ্ৰামত অসমৰ জাত্যভিমানীসকলক অংশ গ্ৰহণৰে প্ৰকৃত আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ শক্তিশালী কৰিবলৈ সংবাদমাধ্যমৰ জৰিয়তে আহ্বান জনায় ৷

আনহাতে , জাতিধ্বংসী আইন ‘কা’ আৰু শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা ‘ অনুপ্ৰবেশ -বিদেশী(ৰেহাই) নিৰ্দেশনা -২০২৫’ সন্দৰ্ভত অজাপৰ সভাপতি গৰাকীয়ে কয় -, ’কা’ যেতিয়া জাপি দিছিল, তেতিয়াই কৈছিলোঁ যে অসম বা ভাৰত বৰ্ষত বিদেশী অনুপ্ৰবেশকাৰীক নাগৰিকত্ব প্ৰদানেৰে তেওলোকক থাকিবলৈ দিব ৷ যিটো সৰ্বকালৰ কাৰণে মুকলা হৈ গ’ল ৷ যিটো ভৱিষ্যদ্বাণী এতিয়া সঁচা বুলি প্ৰমাণ হৈ গ’ল ৷ ইতিমধ্যে অসমে ২০ বছৰৰ বিদেশী নাগৰিকৰ বোজা ল’ব লগীয়া হ’ল ৷ আৰু ৫৩বছৰৰ বোজা অসমে লোৱাটো কোনোপধ্যেই মানি লোৱা নহ’ব ৷ ’কা’ আৰু কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া নিৰ্দশনাৰ জৰিয়তে অসমত প্ৰায় ৪০-৫০ লাখ বিদেশীয়ে সময়ল নাগৰিকত্ব লাভ কৰিব ৷ সেইয়া কোনো কাৰণতে অসমৰ জনগনই মানি নলয় ৷ সেয়ে ‘কা’ আৰু শেহতীয়া নিৰ্দেশনা অসমত প্ৰযোজ্য নকৰি বাতিল কৰিবলৈ গগৈয়ে দাবী জনায় ৷

উল্লেখ্য যে আজিৰ দলীয় সভাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ ‘অনুপ্ৰবেশ -বিদেশী(ৰেহাই) নিৰ্দেশনা -২০২৫’ৰ প্ৰতিলিপি দাহ কৰি দলীয় নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইপিনে স্থানীয় হেমবৰুৱা স্মৃতিভৱনত জিলা সভাপতি অনিল ডেকাৰ সভাপতিত্বত তথা কেন্দ্ৰীয় সম্পাদক জান বৰাই আঁত ধৰা সভাখনত কেন্দ্ৰীয় সভাপতি লুৰিণজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰি আগটঢ়োৱা বক্তব্যত অসমৰ ৰাজনৈতিক ভৱিষ্যত, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যচৰকাৰৰ কাৰ্য্যকালত অব্যাহত থকা কুচকাৱাজে অসমৰ ভৱিষ্যতৰ প্ৰতি কেনেদৰে সংকট নমাই আনিছে আৰু ইয়াৰ প্ৰতিৰোধৰ বাবে অজাপে সাংগঠনিক ভেঁটি শক্তিশালী কেনেদৰে আগুৱাই যাব লাগিব সেই সন্দৰ্ভত বিস্তৃতভাৱে ব্যক্ত কৰে ৷

উল্লেখ্য আজিৰ সভাত অৰ্ধ শতাধিক লোকে আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে আৰু তেওঁলোকক লুৰিণজ্যোতি গগৈয়ে উষ্ম আদৰণী জনায় ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande