শোণিতপুৰ, ০৬ ছেপ্টেম্বৰ (হি.স.)। শিক্ষাৰ প্ৰাণসত্বা ধ্বংস কৰাৰ অভিযোগ উত্থাপনৰ লগতে জাতীয় শিক্ষানীতি-২০২০ বাতিল কৰা, একত্ৰীকৰণৰ নামত চৰকাৰী স্কুল বন্ধ কৰাৰ চক্ৰান্ত বন্ধ কৰা, চৰকাৰী বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক নিযুক্তি সহ উপযুক্ত আন্তঃগাথঁনি গঢ়ি তোলা আৰু প্ৰথম শ্ৰেণীৰ পৰা পাছ-ফেইল পুুনৰ প্ৰৰ্বতন কৰাৰ দাবীত আজি ছাত্ৰ সংগঠন এ আই ডি এছ অ'ৰ শোণিতপুৰ জিলা কমিটিৰ উদ্যোগত তেজপুৰ কাৱৈমাৰীৰ ছহিদ কুমলী দেবী পুথিভঁৰাল আৰু মুক্তিযোদ্ধা ফনীধৰ দাস স্মৃতি ভৱনত এখন অভিবৰ্তন অনুষ্ঠিত হয়।
অভিবৰ্তনত বক্তা হিচাপে উপস্থিত থাকে এ আই ডি এছ অ'ৰ ৰাজ্যিক কাউন্সিলৰ সম্পাদক হেমন্ত পেগু আৰু কাৱৈমাৰীৰ বিশিষ্ট সমাজকৰ্মী দেৱীচৰণ নেওগ। জাতীয় শিক্ষানীতি-২০২০ বাতিল কৰা আৰু দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ ভৰসাৰ স্থল চৰকাৰী বিদ্যালয়সমূহ একত্ৰীকৰণৰ নামত চিৰকালৰ বাবে বন্ধ কৰাৰ চৰকাৰী চক্ৰান্তৰ অভিযোগ তুলি ইয়াৰ বিৰুদ্ধে সকলো জনসাধাৰণক ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন সংগঠিত কৰাৰ বাবে আগুৱাই আহিবলৈ ৰাজ্যিক সম্পাদক পেগুয়ে আহ্বান জনায়।
সংগঠনৰ জিলা উপসভাপতি মাধুৰ্য গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিবৰ্তনত মূল প্রস্তাৱ পাঠ কৰে জিলা সম্পাদক আদিত্য গগৈয়ে। অভিবৰ্তনত অঞ্চলটোৰ ভালেসংখ্যক ছাত্ৰ সহ ৰাইজ উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ