গুৱাহাটী, ০৪ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেই মালবাহী ৰেলৰ আনলোডিঙত ধাৰাবাহিকভাৱে অভিলেখ সংখ্যক বৃদ্ধি লাভ কৰি আহিছে। চলিত বৰ্ষৰ আগষ্ট মাহত সৰ্বমুঠ ১১১৩ খন মালবাহী ৰেলৰ ৰেক আনলোড কৰা হয়, যি বিগত বৰ্ষৰ একেই সময়ৰ তুলনাত ৮.৬৯% বৃদ্ধিক সূচায়।
আজি এই বিষয়ে এন এফ ৰেলৱেৰ মুখ্য় জন সম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই কয় যে, মালবাহী ৰেলৰ পৰিবহণৰ এক বৃহৎ অংশ উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্য সমূহৰ বাবে সহায়ক হৈছে। চলিত বৰ্ষৰ আগষ্ট মাহত অসমত মুঠ ৬২৪ খন ৰেক আনলোড কৰা হৈছে, তাৰ ভিতৰত ২৮২ খন ৰেক অত্যাৱশ্যকীয় সামগ্ৰীৰ দ্বাৰা পৰিবহন কৰা হৈছিল। একেই সময়ছোৱাত ত্ৰিপুৰাত ১৭৪ খন, নগালেণ্ডত ১৪ খন, অৰুণাচল প্ৰদেশত ০৮ খন, মণিপুৰত ৩৪ খন আৰু মেঘালয় আৰু মিজোৰামত প্ৰত্যেকতে ২৪ খনকৈ ৰেক আনলোড কৰা হয়। ইয়াৰ উপৰিও, চলিত বৰ্ষৰ আগষ্ট মাহত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অধিক্ষেত্ৰৰ পশ্চিমবংগত ৩৮০ খন আৰু বিহাৰত ৩১৬ খন ৰেক আনলোড কৰা হয় আৰু আৱশ্যকীয় লগতে অন্যান্য পণ্য সামগ্ৰীও অন্তৰ্ভূক্ত আছিল।
অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ নিৰবচ্ছিন্ন যোগানে অঞ্চলটোৰ দৈনন্দিন জীৱন যাপন আৰু অৰ্থনৈতিক গতিবিধি সম্প্ৰসাৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ গুৰুত্বপূৰ্ণ খণ্ড সমূহত দ্বৈতকৰণ প্ৰকল্প সমূহৰ দ্ৰুত ৰূপায়নে মালবাহী ৰেলৰ অন্তৰ্মূখী আৰু বহিৰ্গামী পৰিবহন বৃদ্ধি কৰিছে, পৰিণাম স্বৰূপে সামগ্ৰীৰ পৰিবহণ অধিক দ্ৰুত আৰু কাৰ্যকৰী হৈছে। এই আন্তগাঁথনিগত ক্ৰমোন্নতিয়ে অঞ্চলটোত মালবাহী ৰেল আনলোডিং কৰাৰ দিশত স্থিৰ বৃদ্ধিত প্ৰত্যক্ষৰূপে অৰিহণা যোগাইছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ