বাজপেয়ী ভৱনত বিশাল যোগদান কাৰ্য্যসূচী
–যুৱ শক্তিৰ যোগদানে ৰাষ্ট্ৰ নিৰ্মাণত নিশ্চিত অৰিহণা যোগাবঃ দিলীপ শইকীয়া গুৱাহাটী, ০৪ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এক বিশাল যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। ভাজপা, অসম প্রদেশৰ ৰাজ্যিক স
भाजपा


–যুৱ শক্তিৰ যোগদানে ৰাষ্ট্ৰ নিৰ্মাণত নিশ্চিত অৰিহণা যোগাবঃ দিলীপ শইকীয়া

গুৱাহাটী, ০৪ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি এক বিশাল যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয়। ভাজপা, অসম প্রদেশৰ ৰাজ্যিক সভাপতি তথা দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ সভাপত্বিত অনুষ্ঠিত হোৱা যোগদান কাৰ্য্যসূচীত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়া, ৰাজ্যিক উপ-সভাপতিদ্ৱয় পুলক গোহাঁই আৰু অশোক ভট্টৰায়, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লু ৰঞ্জন শৰ্মা, যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস, মহিলা মৰ্চাৰ সভাপতি নীলিমা দেৱী,'ভাজপাৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।

বশিষ্ঠ স্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যখনৰ বিভিন্ন যুৱ-ছাত্ৰ সংগঠনৰ নেতা-নেত্ৰী, বিভিন্ন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ছাত্ৰ নেতা, ৰাভা আৰু কোঁচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাজনো বিশিষ্ট নেতাই আনুষ্ঠানিকভাৱে ভাজপাত যোগদান কৰে।

তাৰ ভিতৰত আক্ৰাছুৰ প্রাক্তন সাধাৰণ সম্পাদক তথা কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী গকুল বৰ্মন,আক্ৰাছুৰ উপদেষ্টা দেৱৰঞ্জন মণ্ডল, ৰাভা জাতীয় পৰিষদৰ প্রাক্তন সাধাৰণ সম্পাদক তথা ৰাভা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্রফুল্ল ৰাভা, বৰ্তমানৰ সন্দিকৈ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদিকা গাৰ্গী শইকীয়া, এনএচইউআইৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা বৰ্তমানৰ গৌহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী সাধাৰণ সম্পাদক অঞ্জন মেধি, গুৱাহাটী কমাৰ্চ কলেজৰ প্রাক্তন সহকাৰী সাধাৰণ সম্পাদক শিখা দাস, বিশিষ্ট লেখক পাৰ্থ গোস্বামী, নেশনেল আৰ্চাৰী বিজয়ী মনিষাপল, আমছুৰ উপ-সভাপতি আছানুৰ আলী, আক্ৰাছুৰ প্রাক্তন ওদালগুৰি জিলাৰ সহকাৰী সম্পাদক সত্য বৰ্মন, সমাজকৰ্মী ধনঞ্জয় বৰ্মন, আক্ৰাছুৰ প্রাক্তন সাংগঠনিক সম্পাদক বিকাশ সিং, আক্ৰাছুৰ প্রাক্তন সম্পাদক কামাখ্যা ৰায়, আক্ৰাছুৰ প্রচাৰ সম্পাদক ৰাতুল কোচ, আক্ৰাছুৰ প্রাক্তন সম্পাদক দিপন বৰ্মন, আক্ৰাছুৰ প্রাক্তন সদস্য মিনাল কান্তি ৰায়, ধিমান সৰকাৰ, সুৰজিৎ বৰ্মন, অসম বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতীম কুৰ্মী, প্রাক্তন আছুৰ সদস্য বিদিতা ভট্টাচাৰ্য্য,প্রাক্তন জিচিচিৰ উপ-সভাপতি স্বাৱাগতা বৰঠাকুৰ আৰু বি বৰুৱা কলেজৰ প্রাক্তন আলোচনী, সম্পাদক চয়নিকা পাঠককে প্রমুখ্য কৰি বহু কেইজন অসমৰ সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ ব্যক্তিয়ে আজি আনুষ্ঠানিক ভাৱে ভাজপাত যোগদান কৰে।

নতুনকৈ যোগদান কৰা সকলক দললৈ আদৰণি জনাই ভাজপা, অসম প্রদেশৰ সভাপতি দিলীপ শইকীয়াই কয়, যুৱ শক্তিৰ যোগদানে ৰাষ্ট্ৰ নিৰ্মাণত নিশ্চিত অৰিহণা যোগাব। বিজেপি পৰিয়াললৈ মই সকলো নৱাগত সদস্য- সদস্যাক আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছোঁ। ভাজপা এটা পৰিয়াল, মা-'ভাৰতীক সেৱাৰ বাবে, বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠাৰ বাবে এই সংকল্পৰ সিদ্ধিলৈ ৰূপান্তৰিত কৰিবলৈ ভাজপাৰ দুৱাৰ খন সকলোৰে বাবে খোলা থাকে। “আজি আপোনালোকে স্ব-ইচ্ছাৰে ৰাষ্ট্ৰসেৱা মা-ভাৰতীৰ সেৱাৰ মনোভাৱেৰে ওলায় অহাৰ বাবে উস্ম আন্তৰিক অভিনন্দন জনাইছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত দেশত আজি উন্নয়ন আৰু বিকাশৰ জোৱাৰ আহিছে। তেনেদৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমো দ্ৰুতগতিত উন্নয়নৰ দিশে আগুৱাই গৈছে। দুয়োজন বলিষ্ঠ জনপ্ৰিয় নিণয়িক নেতৃত্বৰ উদ্যোগত দেশ আৰু ৰাজ্য আগুৱাই গৈছে।”

আজিৰ এই যোগদান অনুষ্ঠানত উল্লেখিত নেতা সকলৰ উপৰিও শতাধিক বিভিন্ন দল-সংগঠনৰ সদস্যই যোগদান কৰে বুলি জানিবলৈ সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামীয়ে জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande