তামুলপুৰ, ০ ৪ ছেপ্তেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সমাগত বিটিচি নিৰ্বাচনৰ বাবে জিলাখনৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীসকলৰ মনোনয়নপত্ৰসমূহ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে নিৰ্বাচন পৰ্যৱেক্ষক অতুল কুমাৰ শৰ্মা (অসম ৰাজ্যিক তথ্য আয়োগৰ সচিব) আৰু ক্ষিতীশ চন্দ্ৰ পেগু [অসম চৰকাৰৰ বিত্ত বিভাগৰ সচিব তথা হাউছফেডৰ পৰিচালন সঞ্চালক (অতিৰিক্ত)]-ৰ উপস্থিতিত আজি নিৰীক্ষণ কৰে।
উল্লেখ্য যে ২৬-দৰঙাজুলি সমষ্টিৰ ৬গৰাকী, ২৭-নাগ্ৰীজুলি সমষ্টিৰ ১৩গৰাকী, ২৮-গয়বাৰী সমষ্টিৰ ৫গৰাকী, ২৯-শুক্লাই ছেৰফাং সমষ্টিৰ ৭গৰাকী আৰু ৩০-গোৰেশ্বৰ সমষ্টিৰ ১০গৰাকী প্ৰাৰ্থীৰ মনোনয়নপত্ৰসমূহ খুঁটি-নাটি মাৰি পৰীক্ষা কৰা হয়। এইবাৰৰ বিটিচি নিৰ্বাচনত তামুলপুৰ জিলাৰ পাঁচোটা পৰিষদীয় সমষ্টিৰ মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ দাখিল কৰিছে। অহা ৬ ছেপ্টেম্বৰত মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ সময় উকলি যোৱাৰ পাছত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ নামসমূহ ঘোষণা কৰা হ'ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ