গুৱাহাটী মহানগৰৰ উন্মুক্ত নলা চিনাক্ত কৰাৰ বাবে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
গুৱাহাটী, ০৪ ছেপ্টেম্বৰ (হি.স.)।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঘোষণা কৰে যে মহানগৰৰ একাংশ অঞ্চল বিশেষকৈ নিৰ্মাণ স্থানৰ সমীপত উন্মুক্ত নলা চিনাক্তকৰণৰ বাবে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে। প্ৰতিৰোধমূলক ব্য
গুৱাহাটী মহানগৰৰ উন্মুক্ত নলা চিনাক্ত কৰাৰ বাবে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ


গুৱাহাটী, ০৪ ছেপ্টেম্বৰ (হি.স.)।ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঘোষণা কৰে যে মহানগৰৰ একাংশ অঞ্চল বিশেষকৈ নিৰ্মাণ স্থানৰ সমীপত উন্মুক্ত নলা চিনাক্তকৰণৰ বাবে উপগ্ৰহৰ চিত্ৰ ব্যৱহাৰ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে।

প্ৰতিৰোধমূলক ব্যৱস্থাৰ পৰিকল্পনা কৰা হৈছে যদিও নিশা চোৰে মেনহ’লৰ কভাৰ চুৰি কৰাৰ ক্ৰমবৰ্ধমান সমস্যাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে, যিয়ে জনসাধাৰণৰ সুৰক্ষাৰ ক্ষেত্ৰত অধিক ভাবুকি কঢ়িয়াই আনে। এইটো নাগৰিক আৰু সামাজিক দুয়োটা দিশতে সৈতে প্ৰভাৱ পেলায়।

গুৱাহাটীৰ কালাপাহাৰৰ বিবেকানন্দ বিদ্যালয়ৰ সমীপত বুধবাৰে বিয়লি উন্মুক্ত নিৰ্মাণৰত নলাত পৰি পাঁচ বছৰীয়া সুনীত কুমাৰ এক শিশু নিহত হোৱা ঘটনাৰ পিছতে মুখ্যমন্ত্ৰীয়ে আজি উক্ত ঘোষণাটো কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande