গুৱাহাটী, ০৪ ছেপ্টেম্বৰ(হি.স.)। বিদেশীক স্বদেশী কৰাৰ বাবে অসম চুক্তি নস্যাৎ কৰি বিজেপি চৰকাৰে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰত লিপ্ত হৈছে তাৰ বিৰুদ্ধে আজি গৰজি উঠিছে অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্ব। অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই যুটীয়াভাৱে আজি এখন সংবাদমেলৰ আয়োজন কৰি অসমত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ বিজেপি চৰকাৰ আৰু তেওঁলোকৰ সংগী অগপক কঠোৰ ভাষাৰে জাতিদ্ৰোহী বুলি সমালোচনা কৰে।
সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই কয়, ''অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ কোনো সদিচ্ছা নাই। ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা’ আইনৰ জৰিয়তে বাংলাদেশ সহ ৩ খন দেশৰ অমুছলমান লোক সকলক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰি অসমক বিদেশীৰ চৰণীয়া পথাৰ হ’বলৈ এৰি দিয়া বিজেপিয়ে এইবাৰ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত বিদেশীক স্বদেশী কৰাৰ ম্যাদ বৃদ্ধি কৰি আন এক মাধমাৰ শোধাবলৈ উদ্যত হৈছে।’’ বিদেশীক এইদৰে সময় ৰেহাই দিয়া কাৰ্যই অসমলৈ অবৈধ অনুপ্ৰৱেশকাৰী যে এতিয়াও আহি আছে সেয়া প্ৰমাণিত কৰিছে বুলিও মন্তব্য কৰে বৰাই।
অসমৰ অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাৰ ভয়াৱহতা, অসম চুক্তি, বিদেশী ন্যায়াধীকৰণ, এনআৰচি আদিৰ বিষয়ে বিতংভাৱে কেন্দ্ৰক বুজাই দিব নোৱৰাটো অসম চৰকাৰৰ চূড়ান্ত বিফলতা বুলিও কয়। 'কা’ আইন প্ৰযোজ্য কৰাৰ সময়ত চৰকাৰে অসমত ইয়াৰ সময়সীমা বৃদ্ধি কৰিব বুলি কোনেও কস্মিনকালে ভবা নাছিল যদিও এতিয়া সেয়া ১০ বছৰলৈ বৃদ্ধি কৰিলে যেতিয়া অনাগত দিনত যে আৰু বৃদ্ধি নকৰিব তাৰ কি নিশ্চয়তা আছে বুলিও প্ৰশ্ন কৰে ৰিপুণ বৰাই। ইমানৰ পিছতো ক্ষমতাৰ মোহত অন্ধ হৈ অসমৰ জাতীয় অস্তিত্বৰ প্ৰতি ভাবুকিস্বৰূপ 'কা’ আইনৰ বিৰুদ্ধে মুখ ফুটাই মাত মাতিব নোৱৰা অগপ দলে এতিয়াও নিশ্চুপ হৈ থকা কাৰ্যতো তেওঁ আশ্চৰ্য প্ৰকাশ কৰে।
ইফালে, সংবাদমেলত মন্তব্য কৰি ১ ছেপ্টেম্বৰৰ দিনটোত জাৰি কৰা নিৰ্দেশনাক নাগৰিকত্ব সংশোধনী আইনৰ দ্বিতীয় সংস্কাৰ আখ্যা দিয়ে দেৱব্ৰত শইকীয়াই। বিজেপি দল আৰু চৰকাৰে এক দেশ, এক ৰাষ্ট্ৰ আৰু ভোট বেংকৰ ৰাজনীতিৰে অসমীয়া জাতিসত্ত্বাক ধ্বংস কৰাৰ গভীৰ ষড়যন্ত্ৰত নামি পৰিছে বুলিও কয় বিৰোধী দলপতিগৰাকীয়ে। তেওঁ কয়, ''২০২৪ চনৰ ১৬ মে’ৰ পিছত বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল৷ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ দাড়ি-কমা অবিহনে অসম চুক্তিৰ ৫ নং, ৬ নং দফা কাৰ্যকৰী কৰা হ’ব বুলি কৈছিল৷ অসম চুক্তিৰ ৫ নং দফাত অসমৰ ক্ষেত্ৰত কোনসকল বিদেশী সেয়া উল্লেখ আছে৷ দেশৰ বাকী ঠাইত ১৯৫১ চন নাগৰিকত্বৰ ভিত্তিবৰ্ষ৷ কিন্তু অসমে ১৯৮৫ চনৰ চুক্তি অনুসৰি ১৯৭১ চনলৈ বিদেশী লৈছে৷ কিন্তু আজি চুক্তিক নস্যাৎ কৰা হৈছে৷
তেওঁ কয়, ''১৯৫৮ চনত জৱাহৰলাল নেহৰুৱে ভাৰতৰ বাহিৰৰ পৰা অহা শৰণাৰ্থীক দিল্লীৰ দৰে ঠাইত ঠাই দিছিল৷ আজিও যিসকল শৰণাৰ্থী আছে তেওঁলোকক তেনে ঠাইত সংস্থাপন দিয়ক৷ তেনে নকৰি সকলোকে অসমলৈ ঠেলি আছে৷’’ কিছুদিন আগতে অসম চৰকাৰৰ গৃহ বিভাগে এক নিৰ্দেশনাযোগে বিদেশী ন্যায়াধীকৰণক অমুছলমানৰ সকলো গোচৰ বাতিল কৰি তেওঁলোকক নাগৰিকত্ব ল’বলৈ উৎসাহী কৰিছে বুলিও অভিযোগ কৰে শইকীয়াই৷ বিজেপিৰ এনে চক্ৰান্তৰ বিৰুদ্ধে অসমবাসীয়ে মাৰবান্ধি প্ৰতিবাদ কৰিব লাগে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে৷
কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সুকান্ত দাসে পাছপ’ৰ্ট, ভিছা অবিহনে প্ৰৱেশ কৰিলেও নাগৰিকত্ব দিব পৰা যাবৰ দৰে বিদেশীক উৎসাহী কৰিব পৰা বক্তব্য দিয়াৰ পিছতে অসম বিজেপি কিয় মনে মনে আছে বুলিও প্ৰশ্ন কৰে শইকীয়া। তেওঁ কয়, ''দিল্লীত বিজেপি নেতাই তেনেকুৱা অসমবিৰোধী কথা ক’ব। আনপিনে গুৱাহাটীলৈ আহি বিজেপি নেতাই কয় আমি জাতি, মাটি ভেটি ৰক্ষা কৰিম, অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিম৷ এইবিলাক কৰি এতিয়া বিজেপিয়ে অসমৰ অসমীয়া মানুহক বিপাঙত পেলাইছে৷ কংগ্ৰেছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আদালতলৈ গৈছে৷ গোচৰ আদালতত চলি আছে৷’’ আদালতত চলি থকা গোচৰৰ ক্ষেত্ৰত কেনেকৈ চৰকাৰে নিৰ্দেশনা দি থাকিব পাৰে বুলিও প্ৰশ্ন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে৷
সংবাদমেলৰ আঁত ধৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। বিধায়ক ৰেকিবুদ্দিন আহমেদ, উপ-সভাপতি মেহদী আলম বৰা, জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰ আৰু মুখপাত্ৰ ৰিতম সিঙো আজিৰ এই সংবাদমেলত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ