গুৱাহাটী, ০৪ ছেপ্টেম্বৰ (হি.স.)। মালিগাঁৱত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ সৈতে জৰিত থকাৰ অভিযোগত স্বংগম শ্ৰীৱাস্তৱক আজি গ্ৰেপ্তাৰ কৰে জালুকবাৰী আৰক্ষীয়ে।
ভুক্তভোগী প্ৰণৱ দাসে মালিগাঁৱত থকা নিজ ঘৰৰ সন্মুখত গাড়ী ধুই আছিল।গাড়ী ধুই থাকোতে এখন স্কুটিৰে কাষেৰে পাৰ হ'ব খোজতে স্বংগম শ্ৰীৱাস্তৱৰ স্কুটি খনত অলপ পানীৰ চিটিকনি পৰিছিল। উক্ত বিষয়টোক কেন্দ্ৰ কৰি দুয়োৰে মাজত কথাৰ কটাকটি হয় আৰু পিছত অধিক উত্তেজিত হৈ স্বংগম শ্ৰীৱাস্তৱে প্ৰণৱ দাসক চুৰিকাঘাট কৰে। গুৰুতৰ ভাবে আহত প্ৰণৱ দাসক পৰিয়ালৰ লোকে জিএমচিএইছত ভৰ্তি কৰিছিল।
কিন্ত দুৰ্ভাগ্যজনক ভাবে ভুক্তভোগী প্ৰণৱ দাসৰ আজি পুৱতি নিশা চিকিৎসাধীন অৱস্থাত জিএমচিএইছত মৃত্যু হয়। এইক্ষেত্ৰত স্বংগম শ্ৰীৱাস্তৱৰ মৃত্যুদণ্ড দাবী কৰে ভুক্তভোগী প্ৰণৱ দাসৰ পৰিয়ালে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ