গোলাঘাটত অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যু এজন যুৱকৰ
গোলাঘাট, ০৪ ছেপ্টেম্বৰ (হি.স.)। অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যু এজন যুৱকৰ। ড্ৰাগছৰ কৰাল গ্ৰাসত গোলাঘাটৰ বিভিন্ন অঞ্চল। অত্যধিক ড্ৰাগছ সেৱনেই কাল হ''ল গোলাঘাটৰ হাতীয়েখোৱা ৰাংধালী অঞ্চলৰ এজন যুৱক। পুৱাতেই ঘৰৰ পৰা এখন বন্ধকত থকা চাইকেল লৈ আহো বুলি কৈ
গোলাঘাটত অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যু এজন যুৱকৰ


গোলাঘাট, ০৪ ছেপ্টেম্বৰ (হি.স.)। অত্যাধিক ড্ৰাগছ সেৱন কৰি মৃত্যু এজন যুৱকৰ। ড্ৰাগছৰ কৰাল গ্ৰাসত গোলাঘাটৰ বিভিন্ন অঞ্চল। অত্যধিক ড্ৰাগছ সেৱনেই কাল হ'ল গোলাঘাটৰ হাতীয়েখোৱা ৰাংধালী অঞ্চলৰ এজন যুৱক। পুৱাতেই ঘৰৰ পৰা এখন বন্ধকত থকা চাইকেল লৈ আহো বুলি কৈ অতিমাত্ৰা ড্ৰাগছ সেৱন কৰি মৃত্যুক আকোঁৱালি ল'লে ৩০ বছৰীয়া তৰুণ নায়ক নামৰ যুৱকজনে।

থুলুকীয়া নামৰ ঠাইলৈ গৈ ড্ৰাগছ সেৱন কৰাৰ কথা উল্লেখ কৰিছে পৰিয়ালৰ লোকে। ঘৰত শুই থকা অৱস্থাতেই অচেতন হৈ পৰে তৰুণ নায়ক, পৰিয়ালৰ লোকে যুৱক জনক ততালিকে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে তৰুণ নায়কক মৃত ঘোষণা কৰে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande