কোকৰাঝাৰ, ০৪ ছেপ্তেম্বৰ (হি.স.)। আগন্তুক বিটিচি ২০২৫ নিৰ্বাচনৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে নিযুক্তি দিয়া পৰ্যবেক্ষক সকল কোকৰাঝাৰ জিলাত উপস্থিত হৈছে। এচিএছ অনুপম চৌধুৰীক ১০ নং দেৱৰগাঁও (জনজাতি), ১১ নং বাউখুংগ্ৰী (জনজাতি) আৰু ১২ নং ছালাকাটি (জনজাতি) সমষ্টিৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। নিৰ্বাচন সম্পৰ্কীয় বিষয়ৰ বাবে তেওঁৰ সৈতে ৯১০১৩৫৭৯৮৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।
আনহাতে এচিএছ ম. জাবেদ আৰমানক ৭ নং ফকিৰাগ্ৰাম (অ-জনজাতি), ৮ নং দোতমা (জনজাতি) আৰু ৯ নং বনৰগাওঁ (জনজাতি) সমষ্টিৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁৰ সৈতে ৯৩৯৫৬১১৪৯৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।
কোকৰাঝাৰ আবৰ্ত্ত ভৱনৰ পৰ্যবেক্ষক কোষত দৈনিক পুৱা ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত দুয়োজন পৰ্যবেক্ষক উপলব্ধ থাকিব। এই সময়ত বিটিচি নিৰ্বাচন ২০২৫ সম্পৰ্কীয় যিকোনো বিষয়ত জনসাধাৰণৰ প্ৰতিনিধি সকলে পৰ্যবেক্ষক সকলক সাক্ষাৎ কৰিব পাৰিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ