মৰিয়নিৰ চেলেংহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ
মৰিয়নিৰ চেলেংহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ।
মৰিয়নিৰ চেলেংহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ।


মৰিয়নিৰ চেলেংহাটত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে প্ৰতিবাদ।


যোৰহাট, ০৪ ছেপ্টেম্বৰ (হি.স.)। মৰিয়নিৰ চেলেংহাটত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । চেলেংহাট প্ৰেছ ক্লাব আৰু আপকু যোৰহাট জিলা সমিতিৰ যৌথ উদ্যোগত মৰিয়নী আৰু টীয়ক ই মিডিয়াৰ সহযোগত মণিপুৰত অসমৰ এগৰাকী সাংবাদিকৰ ওপৰত চলা গুলীবৰ্ষণকে ধৰি শেহতীয়াকৈ সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনাৰ প্ৰতিবাদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে সাংবাদিক সকলে।

প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন জাতীয় দল সংগঠনৰ নেতাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। প্ৰতিবাদস্থলীৰ পৰা সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক এখন কঠোৰ আইন প্ৰনয়ণ কৰিবলৈ প্ৰতিবাদী সাংবাদিক সকলে দাবী উত্থাপন কৰে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande