নগাঁও, ০৪ ছেপ্টেম্বৰ (হি.স.)। বটদ্ৰবা শ্ৰী শ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভোগেশ্বৰ বৰাৰ আজি পুৱা দেহাৱসান ঘটে । তেখেতে ৭২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । বটদ্ৰবা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকী উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু