ধুবুৰী, ০৪ছেপ্টেম্বৰ (হি.স.)। অসম চৰকাৰে বাঙালী জাতিৰ ‘ডি’ ভোটাৰৰ সমস্যা সমাধান নকৰাত ফকিৰাগ্ৰামৰ পথত সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছনৰ প্ৰতিবাদী কাৰ্যসূচী । বনৰগাওঁৰ পৰা ফকিৰাগ্ৰাম লৈ যোৱা গড়কপ্তানি পথত সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছনৰ প্ৰতিবাদী কাৰ্যসূচী ।
ড০হিমন্ত বিশ্ব শৰ্মাৰ অসম চৰকাৰে বাঙালী জাতিৰ ওপৰত যাপি দিয়া ‘ডি’ ভোটাৰ প্ৰত্যাহাৰ নকৰাত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে কোকৰাঝাৰ জিলাৰ ডালোৱাবাৰী আঞ্চলিক কমিটিৰ নেতৃত্বৰ পৰা বনৰগাওঁ পৰা ফকিৰাগ্ৰাম লৈ যোৱাৰ পথত বৃহৎ সমদল কৰি উত্তাল প্ৰতিবাদী কাৰ্যসূচীত ৰূপায়ন কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিজেপি গো বেক , ‘ডি’ ভোটাৰ প্ৰত্যাহাৰ কৰক , সদৌ অসম বাঙালী যুব ছাত্ৰ ফেডাৰেছন জিন্দাবাদ , আদি শ্লোগান দিয়ে ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু