গুৱাহাটী, ০৩ ছেপ্টেম্বৰ (হি.স.)। অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ দিনা আজি ০৩ ছেপ্টেম্বৰত ৰাজ্যজুৰি পালন কৰা হব অভিৰুচি ক্ৰীড়া দিৱস। অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ইফালে অসম অলিম্পিক সন্থাই অসমীয়া ক্ৰীড়া জগতৰ কিংবদন্তি ভোগেশ্বৰ বৰুৱাক সন্মান জনাই ঘোষণা কৰা ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাসমূহ আজিয়েই প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি অসম অলিম্পিক সংস্থাই শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা এই বঁটা প্ৰদান অনুষ্ঠানত অলিম্পিক পদকজয়ী শ্বুটাৰ মনু ভাকৰক সম্বৰ্ধনা জনাব উদ্যোক্তা সকলে।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰথমগৰাকী ‘অৰ্জুন’ ভোগেশ্বৰ বৰুৱাৰ নামেৰে এই বঁটা নামকৰণ কৰা হৈছে। এই বঁটাৰ লক্ষ্য হৈছে যুৱ খেলুৱৈসকলক অনুপ্ৰাণিত কৰা আৰু ৰাজ্যৰ শীৰ্ষ কৃতিত্বক উদযাপন কৰা। উল্লেখ্য যে, ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা মুঠ ছটা শাখাত ক্ৰীড়াবিদসকলক প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত প্ৰধান তিনিটা শাখা হৈছে বৰ্ষ শ্ৰেষ্ঠ ক্ৰীড়াবিদ, ক্ৰীড়া ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জীৱনজোৰা সাধনাৰ বঁটা আৰু উদীয়মান ক্ৰীড়া বিদৰ বঁটা। ইয়াৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰৰ ৩০ গৰাকী খেলুৱৈক জনোৱা হ’ব সম্বৰ্ধনা।
আনহাতে ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীত উপস্থিত হৈছে অলিম্পিক পদকজয়ী শ্বুটাৰ মনু ভাকৰ। গুৱাহাটী বৰঝাৰস্থিত ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মঙলবাৰে উপস্থিত হোৱাৰ পিছতে অসম অলিম্পিক সন্থাই তেওঁক উষ্ম আদৰণি জনায় । পেৰিছ অলিম্পিকৰ শ্বুটিং ইভেণ্টত দুটাকৈ পদক জয় কৰি দেশৰ মান উজলাইছিল আন্ত:ৰাষ্ট্ৰীয় শ্বুটাৰ গৰাকীয়ে।
উল্লেখ্য যে অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে। ১৯৯৬ চনৰ বেংকক এছিয়ান গেমছৰ সোণৰ পদক অৰ্জন কৰি উজলি উঠিছিল ভাৰতীয় প্ৰাক্তন এথলীট আৰু প্ৰশিক্ষক ভোগেশ্বৰ বৰুৱা । আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া