তিনিচুকীয়া, ০৩ ছেপ্টেম্বৰ (হি.স.)। মাকুমত গৰু ভৰ্তি বাহন আৰু আৰক্ষী বাহনৰ মাজত সংঘৰ্ষ।
জানিব পৰা অনুসৰি আজি পুৱাৰ ভাগত এ এছ ০৪ এ চি ৪৫৪৬ নম্বৰৰ টাটা ইন্ট্রা বাহন এখনত লাংকাচি আৰক্ষী চকীৰ অন্তৰ্গত অঞ্চলৰ পৰা চোৰাংভাৱে গৰু সৰবৰাহ কৰি লৈ যোৱাৰ তথ্য় আৰক্ষীয়ে লাভ কৰে। সেই অৱস্থাত লাংকাচি আৰক্ষী চকীৰ আৰক্ষীয়ে বাহন খন জব্দ কৰিবলৈ লওঁতেই মাকুম টেঙাপানী ৰোডত আৰক্ষীৰ বলেৰো বাহন আৰু গৰু ভৰ্তি বাহন খনৰ মাজত সংঘৰ্ষ হয়।
সংঘৰ্ষৰ ফলত গৰু ভৰ্তি বাহন খন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে একমাত্ৰ চালক জন গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিবলৈ পৰা গৈছে।
উক্ত দুৰ্ঘটনাত আৰক্ষীৰ লোক কোনো ধৰণৰ আঘাতপ্ৰাপ্ত হোৱা নাই যদিও আৰক্ষীৰ বাহন খন দুৰ্ঘটনাগ্ৰস্ত হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু