দক্ষিণ শালমাৰা, ০৩ ছেপ্টেম্বৰ (হি.স.)। চৰকাৰে বননিকৰণৰ বাবে ৰাজ্যজুৰি চলাইছে উচ্ছেদ। উচ্ছেদস্থালীত ৰোপন কৰিছে গছপুলি। মানকাচৰত বন ধ্বংসকাৰীয়ে বনাঞ্চল ধ্বংস কৰি অবৈধ কাঠফলা মিলত কাটিছে গছ। অৰ্ধ শতাধিক অবৈধ কাঠফলা মিল চলিছে বন বিভাগৰে ছত্ৰ ছায়াত, অভিযোগ স্থানীয়ৰ।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বন বিভাগৰ নাকৰ তলেৰে বিভিন্ন ঠাইত অৰ্ধ শতাধিক অবৈধ কাঠফলা মিল দীৰ্ঘদিনৰে পৰা চলি আহিছে। সময়ে সময়ে দল সংগঠনে জিলা প্ৰশাসন, ধুবুৰী বন বিভাগক অভিযোগ দিয়াৰ পাচত দুই-এটা ঠাইত এনে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলোৱাত অবৈধ কাঠফলা মিল বন্ধ কৰি ৰখা হয় যদিও দুই-এদিনৰ মুৰত পুনৰ আৰম্ভ হয় এনে অবৈধ কাঠফলা মিল। জিলাখনত বৰ্তমানেও বিভিন্ন ঠাইত অৰ্ধ শতাধিক অবৈধ কাঠফলা মিল চলি থকাৰ অভিযোগ পোৱা গৈছে।
অবৈধ কাঠফলা মিলৰ বিষয়ে কোনো সচেতন লোক বা সাংবাদিকে হাটশিঙিমাৰী আৰু মানকাচৰ বন বিভাগক অৱগত কৰিলে মিলৰ গৰাকীয়ে অভিযোগকাৰী লোক বা সাংবাদিকক মেনেজ কৰাৰ চেষ্টা চলায়। কেৱল বন বিভাগক অভিযোগ দিয়াৰ পাচতো মিলৰ মালিকে কিদৰে অভিযোগকাৰীৰ নাম জানিব পাৰে তাকে লৈ হাটশিঙিমাৰী, মানকাচৰ বন বিভাগৰ বিৰুদ্ধে উঠিছে প্ৰশ্ন। একাংশ সাংবাদিকক মেনেজ কৰি বন বিভাগে দীৰ্ঘ দিনৰ পৰা পূৰ্বাঞ্চলৰ পুঠিমাৰী, চাটিভূই, কুমাৰগাতি, বাঘাপাৰা এলেকাৰ লগতে মানকাচৰৰ ঝনঝনি, কাকৰিপাৰা, কুচনিমাৰা আৰু জোৰডাঙাৰ উপৰিও জিলাৰ সদৰ হাটশিঙিমাৰীৰ ভিমাপাৰা, হাজিৰহাট, পাটাকাটা, দক্ষিণ শালমাৰা, টুমনী, শালকাটা এলেকাতো চলাই থকা হৈছে অবৈধ কাঠফলা মিল ।
লক্ষণীয় যে, জিলাখনত ফাৰ্ণিচাৰৰ বাবে চৰকাৰে অনুমতি দিয়া চাৰিখনকৈ কাঠফলা মিলত চৰকাৰী নীতি নিয়মক বুঢ়া আঙুল দেখৱাই অবৈধ কাঠ চোৰাং ভাৱে কটা হয় বুলি অভিযোগ উত্থাপন হৈছে। নামমাত্ৰ চৰকাৰী ভাৱে বন বিভাগৰ অনুমতি লোৱা বৈধ কাঠফলা কলত অবৈধ কাঠ ফালি থকাৰ অভিযোগ দীৰ্ঘদিনীয়া।
অভিযোগ অনুসৰি, অৰ্ধ শতাধিক অবৈধ কাঠফলা মিল, পুঠিমাৰী, পাটাকাটাকে ধৰি চাৰিখনকৈ সপ্তাহিক বজাৰ আৰু অবৈধ কাঠ কঢ়িওৱা বাহনৰ পৰা মাহেকত প্ৰায় ১০ লাখ টকা সংগ্ৰহ কৰে হাটশিঙিমাৰী-মানকাচৰ বন বিভাগ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা