চৰাইদেউ, ০৩ ছেপ্টেম্বৰ (হি.স.)। চৰাইদেউৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত আৰক্ষী তথা বনৰক্ষীৰ অভিযান। যোৱা নিশা প্ৰায় বাৰ বজাত নাইলংনদীৰ ওচৰৰ অতি দুৰ্গম স্হানত বনাঞ্চল সুৰক্ষাৰ বাবে তহল দিয়া বনৰক্ষীলৈ গুলি সন্দেহজনক বন মাফিয়াৰ।
বনৰক্ষী তথা আৰক্ষীয়েও প্ৰতুৎতৰত ২৭ ৰাউণ্ড গুলী চালনা চোৰাং বনমাফিয়া দললৈ। ঘটনাটোৰ বিষয়ে বৰ্তমানেও অতি গোপনে ৰাখিছে জিলা প্ৰশাসনে। মুখ খুলিব বিচৰা নাই জিলা প্ৰশাসন তথা বন বিভাগে। আজি দিনৰ ভাগত জিলা আৰক্ষী আৰু বন বিভাগৰ লগতে আসাম ৰাইফলছৰ ঘটনাস্হলীত অভিযান।বৰ্তমানলৈকে কোনো লোকৰ হতাহতৰ বিষয়ে জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা