বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিক সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ সমুহীয়া দৌৰ
গোলাঘাট, ০৩ ছেপ্টেম্বৰ (হি.স.)। আজি ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস ৷ অৰ্জু্ন ভোগেশ্বৰ হাজৰিকাৰ জন্মদিনটোতে এই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। অজি অৰ্জুন ভোগেশ্বৰ হাজৰিকাৰ ৮৬ সংখ্যক জন্মদিন। তেখেতৰ জন্মদিনটোতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ক্ৰীড়াপ্ৰে
বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিক সন্থাৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱসৰ সমুহীয়া দৌৰ


গোলাঘাট, ০৩ ছেপ্টেম্বৰ (হি.স.)। আজি ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস ৷ অৰ্জু্ন ভোগেশ্বৰ হাজৰিকাৰ জন্মদিনটোতে এই অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়।

অজি অৰ্জুন ভোগেশ্বৰ হাজৰিকাৰ ৮৬ সংখ্যক জন্মদিন। তেখেতৰ জন্মদিনটোতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ক্ৰীড়াপ্ৰেমী ৰাইজে অভিৰুচি ক্ৰীড়া দিৱস হিচাবে উদযাপন কৰি আহিছে। বোকাখাততো বোকাখাত জিলা মাষ্টাৰ্চ এথলেটিক সন্থাৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ হাজৰিকাৰ জন্মদিন উপলক্ষে অভিৰুচি ক্ৰীড়া দিৱসৰ সমুহীয়া দৌৰ উদ্বোধন কৰে বোকাখাত সমজিলা আৰক্ষী অধীক্ষক বাৰ্ডী বড়োৱে।

এই সামুহীয়া দৌৰত বোকাখাত মাষ্টাৰ্চ এথলেটিক সন্থাৰ লগতে নামদৈয়াং স্পৰ্টচ ক্লাব, উদ্দীপনা সংঘ, বোকাখাত জিলা ৰাগবী সন্থা, বোকাখাত জিলা টাগ-অৱ-ৱাৰ সন্থা, বোকাখাত সমজিলা পাঞ্জা সন্থা, আয়ুস্কৰ বোকাখাতৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজে অংশ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande