বকোত চেগুন কাঠ সৰবৰাহ কৰা বাহন এখন জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতি, শূন্যলৈ গুলিচালনা বন বিভাগ
কামৰূপ, ০৩ ছেপ্টেম্বৰ (হি.স.)। বকোৰ কালিয়াবড়ীত নিশা উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি দেখি শূন্যলৈ গুলিচালনা বন বিভাগৰ। মূল্যবান চেগুন কাঠ সৰবৰাহ কৰা বাহন এখন জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতি। এএছ ০১ ইচি ২৫৬১ টাটা এ চি ই নম্বৰৰ বাহনখনেৰে সৰবৰাহ কৰা হৈছিল ব
বকোত চেগুন কাঠ সৰবৰাহ কৰা বাহন এখন জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতি, শূন্যলৈ গুলিচালনা বন বিভাগ


কামৰূপ, ০৩ ছেপ্টেম্বৰ (হি.স.)। বকোৰ কালিয়াবড়ীত নিশা উত্তপ্ত পৰিস্থিতি। পৰিস্থিতি দেখি শূন্যলৈ গুলিচালনা বন বিভাগৰ। মূল্যবান চেগুন কাঠ সৰবৰাহ কৰা বাহন এখন জব্দ কৰাক লৈ উত্তপ্ত পৰিস্থিতি। এএছ ০১ ইচি ২৫৬১ টাটা এ চি ই নম্বৰৰ বাহনখনেৰে সৰবৰাহ কৰা হৈছিল বহুপৰিমাণৰ চেগুন কাঠ।

কালিয়াবড়ীৰ একাংশ যুৱকে বাহনখন ৰখাই দেখে অবৈধ চেগুন কাঠখিনি। তাৰপিছতে হঠাৎ ঘটনাস্থলীত উপস্থিত হয় বামুণীগাঁও বন বিভাগৰ এখন বাহন। বন বিভাগে অসাধু ব্যৱসায়িক সুৰক্ষা দিয়াৰ অভিযোগ স্থানীয় লোকৰ। ইয়াকে লৈ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। শূন্যলৈ এজাই গুলিচালনা কৰে বন বিভাগে।

ঘটনাস্থলীত উপস্থিত হৈ বন বিভাগৰ লোকে লক্ষ্য কৰি লয় বাহনখন জব্দ কৰা যুৱক সকলক। দুই-তিনিজনক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত। বন বিভাগে বিদ্যুৎ দাস নামৰ এজন যুৱককো আটক কৰে। আটক কৰা যুৱকজনক প্ৰহাৰ কৰা দৃশ্যও বন্দী বহুজনৰ ম'বাইলত। অৱশেষত ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী।

উল্লেখ্য বকো-পয়ৰাংগাৰ পথৰে নিতৌ নিশা সৰবৰাহ হয় মূল্যবান কাঠ নাইবা কুণ্ডা ভৰ্তি বাহন। বকো বন বিভাগৰ এলেকাত বামুণীগাঁও বন বিভাগে চলাইছিল অভিযান। বকো আৰক্ষীয়ে কাঠ সৰবৰাহ কৰা বাহনখন জব্দ কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande