ধুবুৰী, ০২ ছেপ্টেম্বৰ (হি.স.): নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে বিলাসীপাৰাৰ সম জিলাৰ সাপটগ্ৰাম আৰক্ষীৰ অভিযান অব্যাহত আছে । গোপন সূত্ৰৰ পম খেদি সাপটগ্ৰাম আৰক্ষীয়ে সাপটগ্ৰাম চহৰত চলায় এক অভিযান। অভিযানত চহৰ খনৰ এখন গেলামাল দোকানৰ পৰা যোৱাকালি সোমবাৰে নিশা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়।
দীৰ্ঘদিন দিনৰ পৰাই জিবান কানু নামৰ দোকানী জনে নিজৰ গেলামাল দোকানত অবৈধ বাবে গাঞ্জা মজুত কৰি ৰাখি ৰমৰমীয়া বেহা চলাই গৈছিল। গাঞ্জা খিনি পৰিমান ১কেজি ৪৫৩ গ্ৰাম বুলি জানিব পৰা গৈছে। ধৃত গাঞ্জা ব্যৱসায়িক জন সাপটগ্ৰাম চহৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা জিবান কানু বদ্ৰা বুলি জানিব পৰা গৈছে। ধৃত আটকাধীন ব্যক্তি জনক সাপটগ্ৰাম আৰক্ষীৰ থানাত লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ