হোজাই, ০২ ছেপ্টেম্বৰ (হি.স.): ৰে’ল যোগে অব্যাহত আছে বাৰ্মিষ্ট চুপৰিৰ বৃহৎ চিণ্ডিকেট । লামডিং ৰেলৱে জংচনত যোৱাকালি সোমবাৰে নিশা পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰা হৈছে। গোপন সূত্ৰৰ পম খেদি ৰে’ল আৰক্ষীয়ে অভিযান চলাই ১৫৯০৯ নামনিমুৱা অৱধ অসম ৰে’লখনৰ পাৰ্চেল ডবাৰ পৰা জব্দ কৰে চুপাৰি খিনি।
অভিযানত ৰে’লখনৰ ডবাৰ পৰা ২০ বেগত প্ৰায় ১৪০০ কেজি বাৰ্মিজ চুপাৰী জব্দ কৰে। ডিমাপুৰ পৰা গুৱাহাটী অভিমুখী আছিল অৱধ অসম ট্ৰেইন খন । ডিমাপুৰত পৰা ৰে’ল যোগে প্ৰতিদিনে সৰবৰাহ হয় বাৰ্মিজ চুপাৰিৰ সৰবৰাহ । জব্দ কৰা চুপাৰীখিন বজাৰ মূল্য প্ৰায় ৩ লাখ টকাৰো অধিক হ'ব বুলি অনুমান কৰা হৈছে । এই চুপাৰিৰ লগত কোনো ব্যক্তিক আটক কৰিবলৈ সক্ষম হোৱা নাই ৰে’ল আৰক্ষী প্ৰশাসন। এই বৃহৎ চুপাৰী সৰবৰাহৰ লগত কোন জৰিত আছে সেই বিষয়ে ৰে’ল আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ