ডিব্ৰুগড়, ০২ ছেপ্টেম্বৰ (হি.স.): চোৰৰ শেনচকু পৰিছে ধৰ্মীয় অনুষ্ঠানত। টিংখাঙৰ ন-চাউদাং বৰ নামঘৰত যোৱা দেওবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয়। নামঘৰৰ ভেন্টিলেটৰ ভাঙি চোৰে প্ৰৱেশ কৰি দানপাত্ৰৰ ধন লুটি নিয়াৰ লগতে নামঘৰৰ সামগ্ৰী লণ্ড-ভণ্ড কৰি থৈ যায় দুৰ্বৃত্তই ।
ইফালে যোৱাকালি সোমবাৰে আবেলি নামঘৰলৈ আই সকল অহাত সামগ্ৰী সমূহ লণ্ড ভণ্ড হৈ থকা লগতে গডৰেজৰ তলা খুলি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে । লগে লগে এই কথা ৰাইজক অৱগত কৰাত নামঘৰত উপস্থিত হয় অঞ্চলটোৰ লোকসকল । চুৰে লুটি নিয়ে দানপাত্ৰসহ দানপাত্ৰত থকা প্ৰায় ১২ হাজাৰ টকা। এই ঘটনাই টিংখাঙত সচেতন মহলৰ মাজত তীব্র প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ