ডিব্ৰুগড়, ০১ ছেপ্তেম্বৰ (হি.স.): ডিব্ৰুগড় জিলাৰ টেঙাখাত পানধুৱা গাঁৱখনৰ নিবাসী বাবলু পুনৰা দুচা নামৰ ব্যক্তিজনৰ হত্যাৰ লগত জড়িত হত্যা কাৰিক যোৱাকালি দেওবাৰে নিশা টেঙাখাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অতি নৃশংসভাবে হত্যা কৰা হৈছিল বাবলু পুনৰা দুচা নামৰ ব্যক্তিজনক।
যিকেইজন হত্যাকাৰি আটাইকেইজন ১৮ বছৰ তলৰ যুৱক বুলি জানিব পৰা গৈছে। বাবলু পুনৰা দুচা নামৰ যুৱক জনক সন্ধিয়া শুক্ৰবাৰে আবেলি প্ৰায় ৭.০০ মান বজাত পৰিকল্পিত ভাবে হত্যা কৰা হৈছিল । দাৰে ঘপিয়াই হত্যা কৰিছিল হত্যাকাৰীৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ