১৫ ছেপ্টেম্বৰৰ পৰা ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া আই ই চিৰ বৈঠকত দুহেজাৰৰো অধিক বিশ্ব বিশেষজ্ঞৰ অংশগ্ৰহণ
নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী ভাৰত মণ্ডপমত অহা ১৫ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ আন্তঃৰাষ্ট্ৰীয় বৈদ্যুতিক কাৰিকৰী আয়োগৰ ৮৯ সংখ্যক সাধাৰণ সভা অনুষ্ঠিত হ’ব। ইয়াত ১০০ খনতকৈও অধিক দেশৰ ২০০০ৰো অধিক বিশেষজ্ঞই অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় খা
उपभोक्‍ता कार्य, खाद्य एवं सार्वजनिक वितरण मंत्रालय के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় ৰাজধানী ভাৰত মণ্ডপমত অহা ১৫ৰ পৰা ১৯ ছেপ্টেম্বৰলৈ আন্তঃৰাষ্ট্ৰীয় বৈদ্যুতিক কাৰিকৰী আয়োগৰ ৮৯ সংখ্যক সাধাৰণ সভা অনুষ্ঠিত হ’ব। ইয়াত ১০০ খনতকৈও অধিক দেশৰ ২০০০ৰো অধিক বিশেষজ্ঞই অংশগ্ৰহণ কৰিব।

কেন্দ্ৰীয় খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে উদ্বোধন কৰিব এই অনুষ্ঠান। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আই ই চিৰ প্ৰদৰ্শনী উন্মোচন কৰিব। ১৯৬০, ১৯৯৭ আৰু ২০১৩ চনৰ পিছত চতুৰ্থবাৰৰ বাবে ভাৰতত আয়োজন কৰা হৈছে এই সন্মানীয় আই ই চি সাধাৰণ সভা। মন্ত্ৰালয়ৰ মতে, ইলেক্ট্ৰ’টেকনিকেল খণ্ডত ভাৰতৰ এই ধৰণৰ সৰ্ববৃহৎ প্ৰদৰ্শনী হ’ব, য’ত ইলেক্ট্ৰিক মবিলিটি, স্মাৰ্ট লাইটিং, ইলেক্ট্ৰনিকছ আৰু আই টি মেনুফেকচাৰিঙৰ উদ্ভাৱনসমূহ প্ৰদৰ্শন কৰা হ’ব। ই ভাৰতীয় ষ্টাৰ্ট-আপৰ বাবে এক বিশ্বব্যাপী নেটৱৰ্কিং প্লেটফৰ্ম প্ৰদান কৰিব।

আন্তঃৰাষ্ট্ৰীয় বৈদ্যুতিক কাৰিকৰী আয়োগৰ উপ-সভাপতি বিমল মহেন্দ্ৰুৱে কয় যে প্ৰায় ১৭০খন দেশ আই ই চিৰ সদস্য। এই দেশসমূহে বিশ্বৰ জনসংখ্যাৰ ৯৯ শতাংশক প্ৰতিনিধিত্ব কৰে আৰু মূল্যৰ ক্ষেত্ৰত বিশ্ব বাণিজ্যৰ প্ৰায় ২০ শতাংশক প্ৰভাৱিত কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande