নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। সোমবাৰৰ পৰা আৰম্ভ হ’বলগা ব্যৱসায়িক সপ্তাহত প্ৰাথমিক বজাৰত যথেষ্ট ক্ৰিয়া-কলাপ হ’ব। এই সপ্তাহত কমেও পাঁচটা কোম্পানীয়ে আই পি অ’ মুকলি কৰিবলৈ ওলাইছে। ইয়াৰে দুটা আই পি অ’ মেইনব’ৰ্ড ছেগমেণ্টৰ, আনহাতে তিনিটা আই পি অ’ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ। ইয়াৰ বাহিৰেও কাইলৈৰ পৰা আৰম্ভ হ’বলগা নতুন সপ্তাহত ১১টা কোম্পানীয়ে শ্বেয়াৰ বজাৰত তালিকাভুক্ত হৈ কাম আৰম্ভ কৰিবলৈ ওলাইছে।
সপ্তাহৰ প্ৰথম দিনটো অৰ্থাৎ ১৫ ছেপ্টেম্বৰত টেক-ডি চাইবাৰ ছিকিউৰিটিৰ ৩৮.৯৯ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। ১৭ ছেপ্টেম্বৰলৈকে এই আই পি অ’ত নিবিদা দিব পাৰিব। আই পি অ’ৰ বাবে প্ৰতি শ্বেয়াৰত ১৮৩ টকাৰ পৰা ১৯৩ টকাৰ মূল্যৰ বেণ্ড নিৰ্ধাৰণ কৰা হৈছে। সপ্তাহটোৰ দ্বিতীয় ব্যৱসায়িক দিন ১৬ ছেপ্টেম্বৰত ডেকোৰেটিভ ৱাল পেনেল নিৰ্মাতা ইউৰো প্ৰতীক চেলছৰ ৪৫১.৩১ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ৰ নিবিদা ১৮ ছেপ্টেম্বৰলৈকে উপলব্ধ হ’ব।আই পি অ’ৰ মূল্যৰ বেণ্ড ২৩৫ টকাৰ পৰা ২৪৭ টকা প্ৰতি শ্বেয়াৰত নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ৬০ টা শ্বেয়াৰ।
পিছদিনা ১৭ ছেপ্টেম্বৰত টিএমটি বাৰ নিৰ্মাতা কোম্পানী ভিএমএছ টিএমটিৰ ১৪৮.৫০ কোটি টকাৰ আইপিঅ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ৰ বাবে নিবিদা ১৯ ছেপ্টেম্বৰলৈকে উপলব্ধ হ’ব। আই পি অ’ৰ মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ৯৪ টকাৰ পৰা ৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে, আনহাতে লটৰ আকাৰ ১৫০ টা শ্বেয়াৰ। খোদ ১৭ ছেপ্টেম্বৰত সম্পাট এলুমিনিয়ামৰ ৩০.৫৩ কোটি টকাৰ আই পি অ’ চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব। এই আই পি অ’ৰ নিবিদাও ১৯ ছেপ্টেম্বৰলৈকে উপলব্ধ হ’ব।আই পি অ’ৰ মূল্যৰ বেণ্ড ১১৪ টকাৰ পৰা ১২০ টকা প্ৰতি শ্বেয়াৰত নিৰ্ধাৰণ কৰা হৈছে।
ইয়াৰ উপৰিও জে ডি কেবলছৰ ৯৫.৯৯ কোটি টকাৰ আই পি অ’ ১৮ ছেপ্টেম্বৰ বৃহস্পতিবাৰে চাবস্ক্ৰিপচনৰ বাবে মুকলি হ’ব।এই আই পি অ’ত ২২ ছেপ্টেম্বৰলৈকে নিবিদা দিব পাৰিব।আই পি অ’ৰ মূল্যৰ বেণ্ড প্ৰতি শ্বেয়াৰত ১৪৪ টকাৰ পৰা ১৫২ টকা নিৰ্ধাৰণ কৰা হৈছে।
এই সপ্তাহত ১১টা কোম্পানীয়ে তালিকাভুক্তিৰ জৰিয়তে শ্বেয়াৰ বজাৰত ব্যৱসায় আৰম্ভ কৰিব। সপ্তাহটোৰ প্ৰথম দিনটো অৰ্থাৎ ১৫ ছেপ্টেম্বৰত বশিষ্ঠ লাক্সাৰী ফেশ্বনৰ শ্বেয়াৰ শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰিব। পিছদিনা ১৬ ছেপ্টেম্বৰত কৃপালু মেটালছ, কাৰ্বন ষ্টীল ইঞ্জিনিয়াৰিং, নীলাঞ্চল কাৰ্ব মেটালিক্স আৰু টাউৰিয়ান এম পি এছৰ শ্বেয়াৰ শ্বেয়াৰ বজাৰত তালিকাভুক্ত হ’ব। সপ্তাহটোৰ তৃতীয়টো ব্যৱসায়িক দিন অৰ্থাৎ ১৭ ছেপ্টেম্বৰত ডেভ এক্সিলেটৰ, গেলাক্সি মেডিকেয়াৰ, আৰ্বান কোম্পানী, হাউছ অৱ মংগলসূত্ৰ আৰু জয় আম্বে ছুপাৰ মাৰ্কেটৰ শ্বেয়াৰৰ শ্বেয়াৰ বজাৰত তালিকাভুক্তিৰ জৰিয়তে ব্যৱসায় আৰম্ভ হ’ব। ১৮ ছেপ্টেম্বৰত এয়াৰ-ফ্ল'ৰা ৰেল টেকন'লজিৰ শ্বেয়াৰ শ্বেয়াৰ বজাৰত তালিকাভুক্ত হ'ব।
हिन्दुस्थान समाचार / অৰৱিন্দ