কেন্দ্ৰই ১৫ ছেপ্টেম্বৰৰ পৰা ৩০ দিনৰ বাবে খুলিব পিএলআই আঁচনিৰ আবেদনৰ উইণ্ডো
নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা সামগ্ৰী (এয়াৰ কণ্ডিচনাৰ, এচি আৰু এল ই ডি লাইট)ৰ বাবে প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ বাবে ১৫ ছেপ্টেম্বৰৰ পৰা ১৪ অক্টোবৰলৈ ৩০ দিনৰ বাবে আবেদনৰ উইণ্ডো মুকলি কৰিছে। বাণিজ্য আৰু উদ্যো
उत्पादन लिंक्ड प्रोत्साहन योजना के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় চৰকাৰে ঘৰুৱা সামগ্ৰী (এয়াৰ কণ্ডিচনাৰ, এচি আৰু এল ই ডি লাইট)ৰ বাবে প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই) আঁচনিৰ বাবে ১৫ ছেপ্টেম্বৰৰ পৰা ১৪ অক্টোবৰলৈ ৩০ দিনৰ বাবে আবেদনৰ উইণ্ডো মুকলি কৰিছে।

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই আঁচনিৰ বাবে অহা ১৫ ছেপ্টেম্বৰৰ পৰা ১৪ অক্টোবৰলৈ অনলাইন পৰ্টেল URL https://pliwg.dpiit.gov.in/ ত আবেদনৰ উইণ্ডো খোলা থাকিব। এপ্লিকেচন উইণ্ড' বন্ধ হোৱাৰ পিছত কোনো আবেদন গ্ৰহণ কৰা নহ'ব।

কেন্দ্ৰীয় কেবিনেটে ২০২১ চনৰ ০৭ এপ্ৰিলত এয়াৰ কণ্ডিচনাৰ (এচি) আৰু এল ই ডি লাইটৰ কম্পোনেণ্ট আৰু চাব-এছেম্বলি নিৰ্মাণৰ বাবে পি এল আই আঁচনিত অনুমোদন জনায়।ইয়াৰ উদ্দেশ্য হৈছে উৎপাদনক কেন্দ্ৰলৈ অনা আৰু ভাৰতৰ উন্নয়ন ত্বৰান্বিত কৰা আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া। এই আঁচনি ২০২৮-২৯ বিত্তীয় বৰ্ষলৈকে সাত বছৰৰ ভিতৰত কাৰ্যকৰী হ’ব আৰু ইয়াৰ ব্যয় ৬,২৩৮ কোটি টকা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande