- জি এছ টি সংস্কাৰৰ সুবিধা এতিয়া দিনৰ আৰম্ভণিৰ পৰা ৰাতি শুবলৈ যোৱালৈকে সকলো সামগ্ৰীতে উপলব্ধ
নতুন দিল্লী, ১৪ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি )সংস্কাৰ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক বৃহৎ জয়। তেওঁ কয় যে ১২ শতাংশ জি এছ টি ৰেটৰ ৯৯ শতাংশ সামগ্ৰী এতিয়া ৫ শতাংশ জি এছ টি ৰেটৰ আওতালৈ আহিছে।
তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হোৱা ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰী এছ’চিয়েশ্যনৰ ‘উত্থানৰত ভাৰতৰ বাবে কৰ সংস্কাৰ’ (টেক্স ৰিফৰ্মছ ফৰ ইমাৰ্জিং ইণ্ডিয়া)ৰ যুটীয়া সন্মিলনত ভাষণ দি এই মন্তব্য কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। সীতাৰমনে কয় যে এই পৰিৱৰ্তনসমূহ নিৰ্ধাৰিত সময়ৰ পূৰ্বে কাৰ্যকৰী কৰা হৈছে। দেশৰ প্ৰতিখন ৰাজ্যৰ উৎসৱৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশৰ বহু আগতেই দীপাৱলীৰ পূৰ্বে জি এছ টি সংস্কাৰ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও কয় বিত্তমন্ত্ৰীগৰাকীয়ে।
জি এছ টি সংস্কাৰৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে জি এছ টিৰ সুবিধাই এতিয়া মানুহে সাৰ পোৱাৰ পৰা শুই থকা সময়লৈকে দৈনন্দিন জীৱনৰ প্ৰতিটো দিশতে প্ৰভাৱ পেলায়। বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে জি এছ টি সংস্কাৰৰ এটা ডাঙৰ পদক্ষেপ হৈছে পূৰ্বতে ১২ শতাংশ কৰ আৰোপ কৰা ৯৯ শতাংশ সামগ্ৰীৰ জি এছ টি মাত্ৰ ৫ শতাংশলৈ হ্ৰাস কৰা। সীতাৰমনে কয় যে নৱৰাত্ৰিৰ প্ৰথম দিন ২২ ছেপ্টেম্বৰৰ পৰা নতুন জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ