কোকৰাঝাৰ, ১৩ ছেপ্তেম্বৰ (হি.স.)। ২২ চেপ্তেম্বৰত অনুষ্ঠিত হব বিটিচি পৰিষদীয় নিৰ্বাচন। কালঝাৰত ইউপিপিএলৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী আফজাল হক সৰকাৰে আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় আনুষ্ঠানিক ভাবে মুকলি কৰে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ফকিৰাগ্ৰাম ইউপিপিএল ব্লকৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) হজৰত আলী তালুকদাৰ, সাধাৰণ সম্পাদক (সাংগঠনিক)কমল বৰ্মন ,কালঝাৰ প্ৰাইমাৰী সমিতিৰ সভাপতি আজিবৰ ৰহমান , সম্পাদক আবুল কালাম আজাদ আদিকে ধৰি বিভিন্ন নেতা সকল উপস্থিত থাকে।
প্ৰাৰ্থী গৰাকীয়ে কয় ফকিৰাগ্ৰাম সমষ্টিৰ কালঝাৰ গাঁৱে, নিৰ্বাচনী প্ৰচাৰ তিব্ৰতৰ কৰাৰ লগতে ৰাইজৰ কাষ চপাৰ উদ্দেশ্যৰে আজি ইউপিপিএল দলে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় কালঝাৰত মুকলি কৰে। ইউপিপিএল দলৰ বিজয় নিশ্চিত বুলি দাবী প্ৰাৰ্থী গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ