গীৰ্জাত আদিবাসী কৰম উৎসৱ পালনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ পাডা পাৰা নামৰ সংগঠনৰ
কোকৰাঝাৰ, ১৩ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মাগুৰমাৰীত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় ছেক্ৰেট হাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ উদ্যোগত শেহতীয়াকৈ আদিবাসী কৰম উৎসৱ গীৰ্জাত পালনক কেন্দ্ৰ কৰি আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাডা পাৰা নামৰ আদিব
গীৰ্জাত আদিবাসী কৰম উৎসৱ পালনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ পাডা পাৰা নামৰ সংগঠনৰ


কোকৰাঝাৰ, ১৩ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত মাগুৰমাৰীত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় ছেক্ৰেট হাৰ্ট ইংলিছ মিডিয়াম স্কুলৰ উদ্যোগত শেহতীয়াকৈ আদিবাসী কৰম উৎসৱ গীৰ্জাত পালনক কেন্দ্ৰ কৰি আজি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পাডা পাৰা নামৰ আদিবাসী সংগঠনটো।

সংগঠনটোৰ নেতা সকলে কয় যে কৰম উৎসৱ কোনো গীৰ্জা, মন্দিৰ, মছজিদত পালন কৰা উৎসব নহয়। ঘৰত বা প্ৰাকৃতিক মুকলি ঠাইত উক্ত উৎসৱ পালন কৰা উচিত। বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে এনেকৈ কৰম পূজা কৰা কাৰ্য্য গৰিহণা যোগ্য আৰু নিন্দনীয়। প্ৰশাসনে বিহিত ব্যবস্থা কৰা উচিত বুলি মত প্ৰকাশ কৰে নেতা সকলে।

আজিৰ সংবাদ মেলত উপস্থিত থাকে সংগঠনটো অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক আনন্দ কেৰ্কেটা,উপ সভাপতি বিৰছা টিৰ্কী, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি সন্তোষ লাক্ৰা,মাগুৰমাৰী আঞ্চলিক সমিতিৰ সভাপতি বিজু ৰাম লাক্ৰা , সম্পাদক বিজেশ কুজুৰা আৰু ডালোৱাবাৰী আঞ্চলিক সমিতিৰ সভাপতি শাখিৰাম লাক্ৰা লগতে অন্যান্য নেতা কৰ্মী সকল উপস্থিত আছিল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande