কোকৰাঝাৰ, ১৩ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ড: হুচনেআৰা বেগমৰ সমৰ্থনত আজি অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। উপস্থিত থাকে ধুবুৰীৰ সাংসদ ৰফিকুল হোছেইন, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আদিকে ধৰি বিভিন্ন নেতা সকল।
বিজেপি দলৰ মাজত বহু চোৰ সোমাই আছে৷ বিজেপি দলত গৰু চোৰ সোমাই আছে৷ বিজেপি দলত মাটি চোৰৰ উপৰি আছে ভোট চোৰ৷ বিজেপিত এতিয়া ওলাইছে আঁচনি চোৰ৷ বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰতিটো কাম কাজ ফ্লপ৷ কিন্তু তেখেতে এটা দিশত ছুপাৰ হিট৷ সেইটো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত হাই কাজিয়া লগোৱাত হিট৷ যোৱা দহ ছেপ্টেম্বৰত ছুপাৰ ফ্লপ হোৱা মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য আৰু শিক্ষাত সৰ্বনিম্ন স্থানত থাকিল৷ ৰাজ্যৰ উন্নয়ন কৰিব নোৱাৰা বিজেপিয়ে আটাইতকৈ অন্যায় আৰু অত্যাচাৰ কৰিছে বাঙালী আৰু ৰাজবংশী সম্প্ৰদায়ক৷ বিজেপিয়ে চৰকাৰী স্কুল বন্ধ কৰি মদৰ দোকান খুলি যুৱকৰ হাতত মদৰ বটল তুলি দিলে৷ শান্তিৰ কথা কৈ হাতত অস্ত্ৰ তুলি দিয়াৰ ব্যৱস্থা লৈছে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ