লক্ষিমপুৰ, ১২ ছেপ্তেম্বৰ (হি.স.): লক্ষিমপুৰ জিলাৰ লালুক কৰোনাবাৰীত যোৱাকালি বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে গাঞ্জা বিৰোধী অভিযান চলায়।অভিযান কালত আৰক্ষীৰ জালত পৰে বৃহৎ পৰিমানৰ গাঞ্জা সহ তিনি গাঞ্জা সৰবৰাহকাৰী। প্ৰায় ১৫ কিলোতকৈ অধিক গাঞ্জা জব্দ কৰা হয়।
লালুক আৰক্ষীৰ জালত পৰা সৰবৰাহকাৰী কেইটা ক্ৰমে প্ৰচেনজিত দেউৰী, মইনা দেউৰী আৰু জ্যোতি দেউৰী। ধৃত সৰবৰাহকাৰী কেইটাৰ ২জন বিহপুৰীয়াৰ বাহগৰাৰ আৰু এজনৰ ঘৰ নাৰায়ণপুৰ কিনাপথাৰৰ। লালুক আৰক্ষী থানাৰ অ’চি সীমান্ত পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই আটক কৰে ধৃত সৰবৰাহকাৰী কেইটাক। সম্প্রতি সময়ত আৰু অধিক তথ্যৰ বাবে লালুক আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ