কামৰূপ, ১২ ছেপ্টেম্বৰ (হি.স.): ৰাজ্যত পুনৰ সংঘটিত হৈছে নাৰী নিগ্ৰহৰ এক ভয়ংকৰ ঘটনা। স্বামী আৰু পৰিয়ালৰ লোকে যোৱা কালি বৃহস্পতিবাৰে বিয়লি ঘুচিয়াই ঘুচিয়াই হত্যাৰ চেষ্টা চলালে এগৰাকী বোৱাৰীক। মুমূৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিলে মহিলা গৰাকীক। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ডোৱকত।
উল্লেখ্য যে এবছৰ পূৰ্বে হাজোৰ জাপিয়া গাঁৱৰ পাৰবীন চুলতানা বিবাহ পাশত আবদ্ধ হৈছিল ডোৱক গাঁৱৰ আঁকিব জাভেদৰ সৈতে। সেই বিয়াৰ দিন ধৰিয়েই সামান্য কথাক লৈ স্বামী আঁকিব জাভেদ আৰু শহুৰ ইয়াকুব আলীয়ে পাৰবীনৰ ওপৰত প্ৰতিদিনে চলাই আহিছে শাৰীৰিক নিৰ্যাতন। কেৱল এয়াই নহয়, শহুৰ ইয়াকুব আলীয়ে কোনো নথকাৰ সুযোগ বুজি প্ৰায়েই পাৰবীনক দি আহিছিল অশ্লীল ইংগিত। তেনে সময়তে ৯ ছেপ্টেম্বৰৰ নিশা স্বামী আৰু স্বামী গৃহৰ লোকে সৰু কথাতে ন-বোৱাৰী পাৰবীন চুলতানাক ঘুচিয়াই ঘুচিয়াই হত্যাৰ চেষ্টা কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ পলায়ন কৰে। পিছত পাৰবীনৰ মাতৃ গৃহৰ লোকৰ তৎপৰতাত ডোৱক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেজেৰে তুমুৰলি অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায় পাৰবীন চুলতানাক।
ইতিমধ্যে ডোৱক আৰক্ষীয়ে স্বামী আঁকিব জাভেদ, শহুৰ ইয়াকুব আলী আৰু পৰিয়ালৰ আন এজন সদস্যক আটক কৰিছে। এগৰাকী নৱবিবাহিত বোৱাৰীক এনেদৰে ঘুচিয়াই ঘুচিয়াই হত্যাৰ চেষ্টা চলোৱা ঘটনাই জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ