যোৰাবাটত আৰক্ষীৰ জালত তিনিটা কুখ্যাত চাইবাৰ অপৰাধী
যোৰাবাটত আৰক্ষীৰ জালত তিনিটা কুখ্যাত চাইবাৰ অপৰাধী
যোৰাবাটত আৰক্ষীৰ জালত তিনিটা কুখ্যাত চাইবাৰ অপৰাধী


গুৱাহাটী, ১২ ছেপ্টেম্বৰ (হি.স.)।

যোৰাবাটত আৰক্ষীয়ে বৃহস্পতিবাৰে তিনিটা কুখ্যাত চাইবাৰ অপৰাধীক কৰায়ত্ত কৰে। যোৰাবাটত বিশেষ অভিযান চলাই বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠকৰ নেতৃত্বত বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনি কুখ্যাত চাইবাৰ অপৰাধীক।

গ্ৰেপ্তাৰ হোৱা চাইবাৰ অপৰাধী তিনিটা ঝাৰখণ্ডৰ জামতাৰাৰ আছলাম আনচাৰী, বকোৰ ছাদ্দাম হুছেইন আৰু বকোৰে ছাদ্দাম হুছেইন।

দীৰ্ঘদিন ধৰি অনাক্ষৰী লোক, মহিলা আৰু বৃদ্ধ লোকক টাৰ্গেট কৰি অনলাইন প্ৰৱঞ্চনাৰে লুটিছিল ধন।

উল্লেখ্য যে ধৃত প্ৰৱঞ্চককেইটাই বেংক মেনেজাৰৰ নাম লৈ ফোন কৰি সাধাৰণ লোকক বেংক একাউণ্ট বন্ধ হ'ব বুলি কৈ নিৰ্দিষ্ট একাউণ্টত ধন জমা কৰিবলৈ কোৱাৰ পিচত জমা ধন কৌশলেৰে নিজে উলিয়াই লৈ চলাই গৈছিল চাইবাৰ ক্ৰাইমৰ জড়িয়তে।

ধৃত চাইবাৰ অপৰাধী কেইটাৰ পৰা আৰক্ষীয়ে ধন উলিওৱাৰ বাবে ব্যৱহৃত ১৭ খন এটিএম কাৰ্ড আৰু পাঁচটা ম'বাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

দীৰ্ঘদিনৰে পৰা দেশৰ অন্যতম চাইবাৰ অপৰাধীৰ ঘাটি জামতাৰাৰ পৰা মহানগৰীত বাহৰ পাতি আছলাম আনচাৰীয়ে দুই সহযোগীৰ জৰিয়তে চলাই গৈছিল এই চাইবাৰ ক্ৰাইম।

আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande