ৰূপহীহাটৰ ঔ আনাত ৰাইজে আটক কৰিলে গভাইত গৰু চোৰ
ৰূপহীহাটৰ ঔ আনাত ৰাইজে আটক কৰে গবাইত গৰু চোৰ।
ৰূপহীহাটৰ ঔ আনাত ৰাইজে আটক কৰিলে গভাইত গৰু চোৰ


নগাঁও, ১১ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ ঔ আনাত ৰাইজে যোৱাকালি বুধবাৰে নিশা আটক কৰে গভাইত গৰু চোৰ। ৰূপহীহাটৰ ঔ আনাত ৰাইজে আটক কৰে বিলাহী বাহনেৰে চুৰি গৰু কঢ়িয়াই নিয়া বাহন সহ দুটা চুৰি গৰু আৰু চালকক।

চালক ফৰিদুলক ৰাইজে আটক কৰিছে যদিও পলায়ন কৰে আন এটা গৰু চোৰ। চুৰি গৰু কঢ়িওৱা বাহন খনৰ নম্বৰ এএছ ০১ এআৰ ০৯৮৭ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে দীৰ্ঘ দিন ধৰি ৰূপহীহাটত গৰু চোৰি কৰি আহিছিল চোৰৰ দলটোৱে। অৱশেষত ৰাইজে আটক কৰা দুটা গৰু সহ চালক আৰু বাহন খন ৰূপহীহাট আৰক্ষীক গতাই দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande