আহমেদাবাদত ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব টেনিছ প্ৰিমিয়াৰ লীগৰ সপ্তম ছিজন
মুম্বাই, ০১ ছেপ্টেম্বৰ (হি.স.)। অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যনৰ তত্বাৱধানত ভাৰতৰ একমাত্ৰ পেছাদাৰী টেনিছ প্ৰিমিয়াৰ লীগ (টিপিএল) এতিয়া বহু প্ৰত্যাশিত সপ্তম ছিজনৰ বাবে সাজু হৈছে। এই ছিজনটো অহা ৯ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ আহমেদাবাদৰ গুজৰাট ইউনিভাৰ্চি
टेनिस प्रीमियर लीग लोगो


মুম্বাই, ০১ ছেপ্টেম্বৰ (হি.স.)। অল ইণ্ডিয়া টেনিছ এছ’চিয়েশ্যনৰ তত্বাৱধানত ভাৰতৰ একমাত্ৰ পেছাদাৰী টেনিছ প্ৰিমিয়াৰ লীগ (টিপিএল) এতিয়া বহু প্ৰত্যাশিত সপ্তম ছিজনৰ বাবে সাজু হৈছে। এই ছিজনটো অহা ৯ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ আহমেদাবাদৰ গুজৰাট ইউনিভাৰ্চিটি টেনিছ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে মহাৰাষ্ট্ৰৰ বাহিৰত অনুষ্ঠিত হ’বলগীয়া এই ছিজনটোৱে লীগৰ যাত্ৰাৰ এক নতুন অধ্যায় হিচাপে প্ৰমাণিত হ’ব। ইয়াৰ লগে লগে টিপিএল ভাৰতৰ চতুৰ্থখন ক্ৰীড়া লীগ হিচাপে পৰিগণিত হৈছে যিয়ে একেৰাহে সপ্তম ছিজনৰ মাইলৰ খুঁটি অৰ্জন কৰিছে।

এইবাৰ লীগত আঠটা ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিব, যিবোৰক সমৰ্থন কৰে লিয়েণ্ডাৰ পেইছ, ছানিয়া মিৰ্জা, মহেশ ভূপতি, ৰাকুল প্ৰীত সিং আৰু সোণালী বেন্দ্ৰেৰ দৰে কিংবদন্তি। এ টি পি ৰেংকিং ৩০ৰ পৰা ৫০ৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় টেনিছ তাৰকাসকলে প্ৰতিযোগিতাখনত ক’ৰ্ট ল’ব। দুবাৰৰ গ্ৰেণ্ড শ্লেম চেম্পিয়ন ৰোহন বোপান্নাকে ধৰি ভাৰতৰ শীৰ্ষ খেলুৱৈক খেলপথাৰত দেখা যাব। টিপিএল ২৫ পইণ্টৰ অনন্য ফৰ্মেটৰ বাবে পৰিচিত, যিয়ে ইয়াক খেলখনৰ নতুন অভিজ্ঞতা প্ৰদান কৰা এক দ্ৰুতগতিত আৰু ৰোমাঞ্চকৰ লীগ কৰি তুলিছে।

দ্ৰুতগতিত বৃদ্ধি পোৱা ক্ৰীড়া কেন্দ্ৰ হিচাপে আহমেদাবাদ এই অনুষ্ঠানৰ বাবে আদৰ্শ মঞ্চ হ’ব। বিগত এটা বছৰত টিপিএলে গুজৰাট ষ্টেট টেনিছ এছ’চিয়েশ্যনৰ সৈতে সহযোগিতা কৰি বয়সৰ গোটৰ মাজত প্ৰতিযোগিতা আয়োজন কৰিছে আৰু ৰেচ টু গোল্ড বৃত্তিৰ জৰিয়তেও যুৱ খেলুৱৈসকলক সহায় কৰিছে।

টিপিএলৰ সহ-প্ৰতিষ্ঠাপক কুনাল ঠাক্কাৰে কয়, ‘আমি প্ৰথমবাৰৰ বাবে টিপিএলক গুজৰাটলৈ লৈ আহিছো।নগৰখনৰ শক্তি, উৎকৃষ্ট আন্তঃগাঁথনি আৰু ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণে ইয়াক আয়োজনৰ বাবে আদৰ্শ কৰি তুলিছে।সপ্তম ছিজনত আহমেদাবাদৰ দৰ্শকক বিশ্বমানৰ টেনিছৰ এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব।

সহ-প্ৰতিষ্ঠাপক মৃণাল জৈনে লগতে কয়, “গুজৰাট বিশ্ববিদ্যালয় টেনিছ ষ্টেডিয়াম উৎকৃষ্ট সুবিধাৰে সজ্জিত। আহমেদাবাদৰ দৰে নতুন বজাৰলৈ সম্প্ৰসাৰণে আমাক সমগ্ৰ দেশৰ অনুৰাগীৰ মাজলৈ শীৰ্ষ পৰ্যায়ৰ টেনিছ অনাৰ সুযোগ প্ৰদান কৰিব।”

জি এছ টিৰ সম্পাদক শ্ৰীমল ভাটে কয়, ‘গুজৰাটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইয়ালৈ ৩০ৰ পৰা ৫০ ৰেংকিঙৰ শীৰ্ষস্থানীয় এ টি পি খেলুৱৈয়ে খেলিবলৈ আহিছে।ইয়াৰ ফলত টেনিছে ৰাজ্যখনত নতুন উচ্চতালৈ লৈ যাব।”

তৃণমূল পৰ্যায়ত প্ৰতিভাক লালন-পালন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত টেনিছ প্ৰদৰ্শনৰ অনন্য আৰ্হিৰ বাবে টিপিএল পৰিচিত। এই লীগে এতিয়ালৈকে ২০খনতকৈও অধিক চহৰত ৪০০ৰো অধিক প্ৰতিযোগিতা আয়োজন কৰি সমগ্ৰ দেশতে টেনিছক এক নতুন গতি প্ৰদান কৰিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande