টিংখাঙত বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰ
–খেলৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ লক্ষ্য ডিব্ৰুগড়, ০৪ ছেপ্টেম্বৰ (হি.স.)। ডিব্ৰুগড়ৰ টিংখাঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাচনী শাখা সমিতি আৰু সৃষ্টি যুৱ সংঘৰ উদ্যোগত নাচনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে বিনামূলীয়া
টিংখাঙত বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰ


–খেলৰ জড়িয়তে ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ লক্ষ্য

ডিব্ৰুগড়, ০৪ ছেপ্টেম্বৰ (হি.স.)। ডিব্ৰুগড়ৰ টিংখাঙত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাচনী শাখা সমিতি আৰু সৃষ্টি যুৱ সংঘৰ উদ্যোগত নাচনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে বিনামূলীয়া ফুটবল প্ৰশিক্ষণ শিৱিৰ । ৮ বছৰ পৰা ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত এই শিৱিৰত প্ৰায় ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে এই শিৱিৰত অংশ গ্ৰহণ কৰিছে।

শিৱিৰত মুখ্য প্ৰশিক্ষক হিচাপে প্ৰহ্লাদ কোঁৱৰ আৰু সহযোগী প্ৰশিক্ষক হিচাপে সুৰজিৎ চেতিয়াই প্ৰশিক্ষণ প্ৰদান কৰিছে । এনে ধৰণৰ পদক্ষেপে অঞ্চলটোৰ ক্ৰীড়াৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি কৰাৰ লগতে, নৱ প্ৰজন্মৰ মাজত এক সুস্থ পৰিবেশ গঢ়ি তোলাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande