নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। প্ৰতিভাৱান কম্পাউণ্ড আৰ্চাৰ ঋষভ যাদৱৰ সুন্দৰ প্ৰদৰ্শনৰ বাবেই ভাৰতে শনিবাৰে কোৰিয়াৰ গুৱাংঝোত অনুষ্ঠিত বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপৰ প্ৰথম দিনাই পুৰুষ আৰু মিক্সড টিম ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰি দুটা পদক নিশ্চিত কৰে।
অৰ্হতা ৰাউণ্ডত ৭০৯ পইণ্টেৰে অষ্টম স্থান দখল কৰা ঋষভে অমন ছাইনী আৰু প্ৰথমেশ ফুগেৰ সৈতে দ্বিতীয় স্থানত থকা ভাৰতীয় পুৰুষ দলটোক অষ্ট্ৰেলিয়াক ২৩২-২৩২ (শ্বুট অফ: ৩০-২৮), আমেৰিকা ২৩৪-২৩৩ আৰু তুৰস্কক ২৩৪-২৩২ পইণ্টেৰে পৰাজিত কৰাত সহায় কৰে আৰু এতিয়া খিতাপৰ মেচত ফ্ৰান্সৰ বিৰুদ্ধে খেলিব।
অভিজ্ঞ ভি জ্যোতি সুৰেখা (শীৰ্ষ ভাৰতীয় কম্পাউণ্ড মহিলা, ৭০৭ পইণ্টেৰে তৃতীয়)ৰ সৈতে যুৱকগৰাকীয়ে চতুৰ্থ স্থানত থকা ভাৰতীয় মিশ্ৰিত দলটোৱে জাৰ্মানীক ১৬০-১৫২, এল ছালভাডৰ ১৫৭-১৫৩ আৰু চীনা টাইপেইক ১৫৭-১৫৫ পইণ্টেৰে পৰাস্ত কৰি নেদাৰলেণ্ডৰ সৈতে চূড়ান্ত খেল নিশ্চিত কৰে।
অৱশ্যে দ্বিতীয় ৰাউণ্ডত ইটালীৰ হাতত ২২৯-২৩৩ পইণ্টত পৰাস্ত হৈ ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দল জ্যোতি, প্ৰীণিত কৌৰ আৰু পৃথিকা প্ৰদীপ আগতীয়াকৈ নক আউট হয়।
ফলাফল (যৌগিক)
অৰ্হতা
ব্যক্তি: পুৰুষ: ঋষভ যাদৱ (অষ্টম, ৭০৯), অমন ছাইনী (১৫ম, ৭০৭), প্ৰথমেশ ফুগে (১৯তম, ৭০৬)।
মহিলাঃ ভি জ্যোতি সুৰেখা (তৃতীয়, ৭০৭), প্ৰীণ কৌৰ (১১ নং, ৭০৩), পৃথিকা প্ৰদীপ (৪৪ নং, ৬৯০)।
এলিমিনেশ্যন
দল: পুৰুষ: ভাৰতে বাই (১ম ৰাউণ্ড), অষ্ট্ৰেলিয়াক ২৩২-২৩২, শ্বুট অফ: ৩০-২৮ (২য় ৰাউণ্ড), ইউ এছ এ ২৩৪-২৩৩ (কোৱাৰ্টাৰ ফাইনেল), তুৰস্কক ২৩৪-২৩২ (ছেমি ফাইনেল) পৰাস্ত কৰে।
মহিলাঃ ভাৰতে বাই (১ম ৰাউণ্ড) পাইছিল, ইটালীৰ হাতত ২২৯-২৩৩ (২য় ৰাউণ্ড)ত পৰাস্ত হৈছিল।
মিক্সডঃ ভাৰতে বাই (১ম ৰাউণ্ড), জাৰ্মানীক ১৬০-১৫২ (২য় ৰাউণ্ড) পৰাস্ত, এল ছালভাডৰ ১৫৭-১৫৩ (কোৱাৰ্টাৰ ফাইনেল) আৰু চীনা টাইপেইক ১৫৭-১৫৫ (ছেমি ফাইনেল) পৰাস্ত কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া