নিউয়ৰ্ক, ০৬ ছেপ্টেম্বৰ (হি.স.)। ইউ এছ অ’পেন টেনিছ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত শুকুৰবাৰে ২৫ নং বাচনিৰ ফেলিক্স অগাৰ-এলিয়াছিমক ৬-১, ৩-৬, ৬-৩, ৬-৪ ব্যৱধানত পৰাস্ত কৰি ইটালীৰ জানিক ছিনাৰে ফাইনেলত প্ৰৱেশ কৰে, য’ত তেওঁ কাৰ্লোছ আলকাৰাজৰ বিৰুদ্ধে খেলিব।
ইয়াৰ পূৰ্বে আলকাৰাজে আৰ্থাৰ এশ্বে ষ্টেডিয়ামত ২৪ বাৰৰ গ্ৰেণ্ড শ্লেম বিজয়ী ন’ভাক জ’কভিচক পৰাস্ত কৰিছিল। একে সময়তে কিছুমান সময়ত ছিনাৰে ছন্দ হেৰুৱালেও তেওঁ কঠিন যুঁজত জয়লাভ কৰি একেৰাহে তৃতীয়বাৰৰ বাবে গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰে।
ছিনাৰে মুকলি যুগত (১৯৬৮ চনৰ পৰা) এটা ছিজনত চাৰিওটা গ্ৰেণ্ড শ্লেমৰ ফাইনেলত প্ৰৱেশ কৰা মাত্ৰ চতুৰ্থজন খেলুৱৈ হিচাপে পৰিগণিত হয়। তেওঁৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল ৰড লেভাৰ, ৰজাৰ ফেডাৰেৰ আৰু ন’ভাক জ’কভিচে।
জয়ৰ পিছত ছিনাৰে কয়, মোৰ বাবে এইটো এটা আচৰিত ছিজন। গ্ৰেণ্ড শ্লেম হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা আৰু আন এখন ফাইনেলত প্ৰৱেশ কৰাটো বৰ ভাল। ফেলিক্সে কঠিন যুঁজ দিছিল, তেওঁৰ ফিটনেছৰ প্ৰতি কিছু চিন্তা আছিল যদিও মই তেওঁক শুভকামনা জনাইছো।
মেচখনত ছিনাৰে প্ৰথম ছেটটো সহজেই লাভ কৰাৰ বিপৰীতে অগাৰ-এলিয়াছিমে দ্বিতীয় ছেটটো জয় কৰি কামবেক কৰে। তৃতীয় ছেটত ছিনাৰে নিজৰ ছন্দ বিচাৰি পাইছিল আৰু চতুৰ্থ ছেটতো উজ্জ্বল চাৰ্ভিচ গেমৰ ভিত্তিত হেঁচা সহ্য কৰি জয়ী হৈছিল।
এতিয়া ফাইনেলত তেওঁ আলকাৰাজৰ বিৰুদ্ধে খেলিব, যাৰ সৈতে তেওঁ এই বছৰ ফ্ৰেঞ্চ অ’পেন আৰু উইম্বলডনৰ ফাইনেলতো মুখামুখি হৈছিল। তিনি বছৰ পূৰ্বে দুয়োগৰাকী খেলুৱৈয়ে ইউ এছ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলতো মুখামুখি হৈছিল, য’ত আলকাৰাজে জয়লাভ কৰিছিল।
ছিনাৰে কয়, মই ভাবো আমাৰ প্ৰতিদ্বন্দ্বিতা ইয়াৰ পৰাই আৰম্ভ হৈছিল। এতিয়া আমি দুয়ো বেলেগ বেলেগ খেলুৱৈ আৰু ইজনে সিজনক ভালদৰে চিনি পাওঁ। আশাকৰোঁ ফাইনেলখন আন এখন স্মৰণীয় মেচ হ'ব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া