ঢাকা, ০৪ ছেপ্টেম্বৰ (হি.স.)। বাংলাদেশৰ টি-২০ দলৰ অধিনায়ক লিটন কুমাৰ দাসে কয় যে তেওঁৰ দল আগন্তুক এছিয়া কাপৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ আছে। অহা ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত আৰম্ভ হ’ব এই প্ৰতিযোগিতা।
শেহতীয়াকৈ তিনিখন খেলৰ টি-২০ শৃংখলাত নেদাৰলেণ্ডক ২-০ ব্যৱধানত পৰাস্ত কৰিছিল বাংলাদেশে। তৃতীয়খন মেচ বৰষুণৰ বাবে পৰিত্যক্ত হয়। বাংলাদেশৰ টি-২০ শৃংখলাত একেৰাহে তৃতীয়টো জয়। ইয়াৰ পূৰ্বে শ্ৰীলংকা আৰু পাকিস্তানক পৰাস্ত কৰিছিল।
লিটনে দলটোৰ সফলতাৰ কৃতিত্ব প্ৰি-ছিৰিজ শিবিৰৰ বাবে বুলি কয়। দলটোৱে প্ৰথমে ঢাকাত ফিটনেছ শিবিৰ অনুষ্ঠিত কৰাৰ পিছত চিলেটত দক্ষতা শিবিৰৰ আয়োজন কৰে, য’ত খেলুৱৈসকলে উন্নত পিটচত অনুশীলন কৰে।
লিটনে কয়, মই ভাবো আমি এছিয়া কাপৰ বাবে ভালদৰে প্ৰস্তুত। আমি কৰা শিবিৰটো কেৱল এই ছিৰিজৰ বাবেই নাছিল, এছিয়া কাপৰ কথা মনত ৰাখিয়েই কৰা হৈছিল। ইমান ভাল শিবিৰ মই আগতে কেতিয়াও দেখা নাই।
তেওঁ আৰু কয়, মীৰপুৰত ফিটনেছ লাভ কৰিব পৰা গ'লহেঁতেন, কিন্তু যি ধৰণৰ অনুশীলনৰ প্ৰয়োজন আছিল সেয়া কেৱল চিলেটতহে সম্ভৱ আছিল। সামগ্ৰিকভাৱে এই ভ্ৰমণ আমাৰ বাবে অতি উপকাৰী আছিল। এই সময়ছোৱাত খেলুৱৈসকলক দিয়া মেচৰ সময় গুৰুত্বপূৰ্ণ বুলিও লিটনে কয়। যিজনে খেলাৰ সুযোগ পালে, ভাল প্ৰদৰ্শন কৰিলে। কেৱল ছাইফুদ্দিনেহে বিশেষ একো কৰিব নোৱাৰিলে। বাকীসকলে অন্ততঃ এখন মেচত অৰিহণা যোগাইছিল। অনুশীলন গুৰুত্বপূৰ্ণ, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ হ'ল মেচখনত প্ৰদৰ্শন কৰা। খেলৰ অভিজ্ঞতা আৰু বুজাবুজি কেৱল মেচ খেলিহে বৃদ্ধি পায়। তেওঁ স্বীকাৰ কৰে যে সকলো বেটছমেনে সুযোগ নাপালে, কিন্তু ইয়াক ইতিবাচক লক্ষণ বুলি অভিহিত কৰে। আমাৰ শীৰ্ষ অৰ্ডাৰে ইমান ভাল প্ৰদৰ্শন কৰাটো ভাল যে মিডল অৰ্ডাৰে সুযোগ নাপালে। এছিয়া কাপত সেই দিন আহিব যেতিয়া সকলোৱে বেটিং কৰিব লাগিব, কিন্তু এতিয়াৰ বাবে এইটো আমাৰ বাবে ইতিবাচক লক্ষণ।’ অহা ১১ ছেপ্টেম্বৰৰ পৰা হংকঙৰ বিৰুদ্ধে এছিয়া কাপৰ অভিযান আৰম্ভ কৰিব বাংলাদেশে।
हिन्दुस्थान समाचार / অৰৱিন্দ