নতুন দিল্লী, ০৩ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় পেৰা বেডমিণ্টন তাৰকা সুকান্ত কদমে এছ এল ৪ শাখাত বিশ্বৰ ১ নম্বৰ ৰেংকিং লাভ কৰি ইতিহাস ৰচনা কৰিছে। গ্লোবেল ৰেংকিঙত এইবাৰেই শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে।
সুকান্তই যোৱা কেইবছৰমানৰ পৰা বিশ্ব পেৰা বেডমিণ্টন চেম্পিয়নশ্বিপ আৰু এছিয়ান পেৰা গেমছত কেইবাটাও পদক লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ তেওঁ স্পেনিছ পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেল ২০২৫ত সোণৰ পদক লাভ কৰি নিজৰ ৰেংকিং আৰু আত্মবিশ্বাস আৰু অধিক শক্তিশালী কৰি তুলিছে।এতিয়া তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে চীন পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেল ২০২৫, য’ত তেওঁ বিশ্বৰ ১ নম্বৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব আৰু ২০২৬ চনৰ এছিয়ান গেমছৰ বাবে প্ৰস্তুতি চলাব।
নিজৰ সফলতাক লৈ সুখ প্ৰকাশ কৰি সুকান্ত কদমে কয় যে, বিশ্বৰ ১ নম্বৰ হোৱাটো মোৰ বাবে এটা সপোন পূৰণৰ দৰেই। ই মোক প্ৰতিদিনে অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। মোৰ গুৰুত্ব এতিয়া চীন পেৰা বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় আৰু অহা বছৰ এছিয়ান গেমছৰ ওপৰত, য'ত মই ভাৰতৰ হৈ সোণ জয় কৰিব বিচাৰো।
তেওঁ আৰু কয়, মই বিচাৰো যে মোৰ এই কৃতিত্বই ভাৰতক গৌৰৱ অনুভৱ কৰাব আৰু আগন্তুক প্ৰজন্মৰ পেৰা এথলীটক অনুপ্ৰাণিত কৰক। মোৰ প্ৰশিক্ষক নিখিল কানেটকাৰ আৰু মায়ংক গোলেৰ প্ৰতি মই কৃতজ্ঞ, যিয়ে মোক সদায় পথ প্ৰদৰ্শন কৰিছিল। লগতে মোৰ দলটোক ধন্যবাদ, যিয়ে এই যাত্ৰাত মোৰ কাষত থিয় দিছিল।
২০২৫ চনৰ জুলাই মাহত ব্ৰিটিছ আৰু আইৰিছ পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলতো সুকান্তই সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল। এছএল৪ শাখাৰ ছেমি ফাইনেলত ভাৰতৰ নবীন শিৱকুমাৰক পোনপটীয়া ছেটত পৰাস্ত কৰে। অৱশ্যে ফাইনেলত কঠিন খেলত ফ্ৰান্সৰ পেৰা অলিম্পিক চেম্পিয়ন লুকাছ মাজুৰৰ হাতত পৰাস্ত হৈ ৰূপৰ পদকত সন্তুষ্ট হয়।-
हिन्दुस्थान समाचार / অৰৱিন্দ