
ভেংকুৱাৰ, ০১ মে’ (হি.স.)। ফিফাৰ বিশ্ব শাসকীয় সংস্থাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে বৃহস্পতিবাৰে নিশ্চিত কৰে যে ইৰাণৰ ফুটবল দলটোৱে ২০২৬ চনৰ ফিফা বিশ্বকাপত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ মেচসমূহ আমেৰিকাত খেলিব। ভেংকুৱাৰত গ্লোবেল ফুটবল ফেডাৰেচনৰ কংগ্ৰেছৰ সময়ত এই ঘোষণা কৰে ফিফাৰ সভাপতিগৰাকীয়ে।
ইনফান্টিনোৱে নিজৰ ভাষণৰ আৰম্ভণিতে কয় যে, “মই আৰম্ভণিতে নিশ্চিত কৰিব বিচাৰো যে ইৰাণে ২০২৬ চনৰ ফিফা বিশ্বকাপত নিশ্চিতভাৱে অংশগ্ৰহণ কৰিব আৰু ইয়াৰ মেচসমূহ আমেৰিকাতেই খেলিব।”
৪৮টা দলৰ এক বৃহৎ প্ৰতিযোগিতা
কানাডা, আমেৰিকা আৰু মেক্সিকোৰ যৌথ আয়োজনত ১১ জুনৰ পৰা ১৯ জুলাইলৈ অনুষ্ঠিত হ’ব ২০২৬ চনৰ ফিফা বিশ্বকাপ। এইবাৰ ৪৮টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব, যাৰ বাবে দল আৰু বিষয়াসকলৰ বাবে বিভিন্ন দেশৰ মাজত সঘনাই যাত্ৰা কৰিব লাগিব। ইয়াৰ ফলত ভিছা আৰু কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে।
ইৰাণৰ একেৰাহে চতুৰ্থবাৰৰ বাবে যোগ্যতা অৰ্জন
এছিয়ান কোৱালিফায়াৰৰ তৃতীয় পৰ্যায়ত গ্ৰুপ এৰ শীৰ্ষস্থান দখল কৰি ইৰানে একেৰাহে চতুৰ্থবাৰৰ বাবে বিশ্বকাপৰ বাৰ্থ নিশ্চিত কৰে। অৱশ্যে ইৰাণ ফুটবল ফেডাৰেচনৰ সভাপতি মেহদি তাজে আমেৰিকা আৰু ইজৰাইলৰ সৈতে হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।
গ্ৰুপ জিত কঠিন প্ৰতিযোগিতা
বেলজিয়াম, ইজিপ্ত, নিউজিলেণ্ডৰ সৈতে গ্ৰুপ জিত ইৰাণক ড্ৰ’ কৰা হৈছে। দলসমূহৰ মেচসমূহ আমেৰিকাৰ লছ এঞ্জেলছ আৰু ছিয়াটলত অনুষ্ঠিত হ’ব।
যদিহে আমেৰিকা আৰু ইৰাণে নিজৰ নিজৰ গ্ৰুপত দ্বিতীয় স্থান লাভ কৰে তেন্তে ৩ জুলাইত ডালাছত অনুষ্ঠিত হ’বলগীয়া নকআউট মেচত দুয়োটা দলে মুখামুখি হ’ব পাৰে।
বিকল্প স্থানৰ দাবী নাকচ
ইৰাণে আমেৰিকাত খেল খেলাৰ পৰিৱৰ্তে বিকল্প স্থানৰ বাবে অনুৰোধ জনাইছিল যদিও ফিফাই এই অনুৰোধ নাকচ কৰি নিৰ্ধাৰিত সময়সূচীত কোনো পৰিৱৰ্তন নহ’ব বুলি স্পষ্ট কৰি দিয়ে।
ইফালে, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই উল্লেখ কৰিছে যে ইৰাণৰ খেলুৱৈসকলক বিশ্বকাপত অংশগ্ৰহণৰ অনুমতি দিয়া হ’ব যদিও তেওঁলোকৰ লগত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ সৈতে সম্পৰ্ক থকা ব্যক্তি নাথাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া