লণ্ডন, ০১ ছেপ্টেম্বৰ (হি.স.)। একেৰাহে তৃতীয়বাৰৰ বাবে ‘দ্য হাণ্ড্ৰেড’ খিতাপ অৰ্জন কৰে অভাল ইনভিনচিবলছে। দেওবাৰে নিশা খেলা ফাইনেলত ট্ৰেণ্ট ৰকেটছক ২৬ ৰানত পৰাস্ত কৰি ঐতিহাসিক জয় পঞ্জীয়ন কৰে। দলটোৰ জয়ৰ নায়ক আছিল উইল জেকছ (৭২ ৰান) আৰু নাথান ছৌটাৰ (৩/২৫) যিয়ে নিৰ্ণায়ক প্ৰদৰ্শন আগবঢ়ায়।
প্ৰথমে বেটিং কৰি ইনভিনচিবলছে ১৬৮/৫ ৰান সংগ্ৰহ কৰে। উইল জেকছে ৪১টা বলত ৭টা চাৰি আৰু ৪টা ছয়ৰ সহায়ত ৭২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে জৰ্ডান কক্সে ৪০ ৰান সংগ্ৰহ কৰে। দুয়োৰে মাজত ৮৭ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব আছিল। কিন্তু শেষৰ অভাৰত ৰকেটছৰ বলাৰসকলে এক ডাঙৰ কামবেক কৰি মাত্ৰ ২৫ ৰানহে দিছিল, যাৰ বাবে ইনভিনচিবলে বৃহৎ স্ক’ৰ কৰিব নোৱাৰিলে ।
লক্ষ্য খেদি খেদি ৰকেটে লাহে লাহে আৰম্ভণি কৰে। পাৱাৰপ্লেত ৩২ ৰান সংগ্ৰহ কৰিছিল যদিও মাজৰ অভাৰত নাথান ছৌটাৰে বিধ্বংসী ৰূপ ধাৰণ কৰে। জো ৰুট (১০)ক আউট কৰাৰ পিছত তেওঁ ৰেহান আহমেদ আৰু টম বেণ্টনক আউট কৰে। ইয়াৰ ফলত ৰকেটছৰ স্ক’ৰ ৩৭/৩ হয়।
ইয়াৰ পিছত ডেভিদ উইলি আৰু মাৰ্কাছ ষ্ট’ইনিছে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে। ষ্টয়নিছে সুন্দৰ ৬৪ ৰান (৩৮ বল) সংগ্ৰহ কৰি শেষলৈকে যুঁজ দি থাকিল। ৰছ হোৱাইটলীয়েও তেওঁক সমৰ্থন কৰিছিল আৰু দুয়োজনে ৩৮ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল যদিও ৰানৰ হাৰৰ চাপ গধুৰ হৈ পৰিছিল। শেষৰ অভাৰত ৩৩ ৰানৰ প্ৰয়োজন হৈছিল, যিটো সম্ভৱ নাছিল আৰু গোটেই দলটোৱে মাত্ৰ ১৪২/৮ ৰানহে লাভ কৰিব পাৰিছিল।
চমু স্ক'ৰকাৰ্ড:
অভাল ইনভিনচিবলছ: ১৬৮/৫ (উইল জেকছ ৭২, জৰ্ডান কক্স ৪০; মেট কাৰ্টাৰ ২/২৪)
ট্ৰেণ্ট ৰকেটছ: ১৪২/৮ (মাৰ্কাছ ষ্টয়নিছ ৬৪; নাথান ছাউটাৰ ৩/২৫, চাকিব মাহমুদ ২/২২)
ফলাফল: অভাল ইনভিনচিবলছ ২৬ ৰানত জয়লাভ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া